ETV Bharat / state

এখন সুন্দৰ পৃথিৱীৰ কামনাৰে গান্ধাৰৰ প্ৰচেষ্টাত গীত উন্মোচন - কৰ'ণা মহামাৰী

গান্ধাৰৰ প্ৰচেষ্টাত কৰ'ণা মহামাৰীৰ পৰা মুক্তি লাভ কৰি পুনৰ এখন সুন্দৰ পৃথিৱী কামনাৰে আৰম্ভ কৰা হৈছিল এটি গীতৰ কাম ৷ গীতটিৰ অসমীয়া সংস্কৰণৰ পাচত শুকুৰবাৰে নগাঁৱত উন্মোচন কৰা হয় একেটি গীতৰে হিন্দী সংস্কৰণ ৷

গান্ধাৰৰ প্ৰচেষ্টাত গীত উন্মোচন
গান্ধাৰৰ প্ৰচেষ্টাত গীত উন্মোচন
author img

By

Published : Sep 11, 2020, 7:47 PM IST

নগাঁও, 11 ছেপ্তেম্বৰ: কৰ'ণা মহামাৰীৰ ত্ৰাসৰ মাজতে সংগীত ক্ষেত্ৰখন আগবঢ়াই নিয়াৰ উদ্দেশ্যে কাম কৰি আহিছে নগাঁৱৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান গান্ধাৰে ৷ গান্ধাৰৰ প্ৰচেষ্টাত কৰ'ণা মহামাৰীৰ পৰা মুক্তি লাভ কৰি পুনৰ এখন সুন্দৰ পৃথিৱী কামনাৰে আৰম্ভ কৰা হৈছিল এটি গীতৰ কাম ৷ গীতটিৰ অসমীয়া সংস্কৰণৰ পাচত শুকুৰবাৰে নগাঁৱত উন্মোচন কৰা হয় একেটি গীতৰে হিন্দী সংস্কৰণ ৷ গান্ধাৰৰ প্ৰযোজনাৰ এই গীতটোত কণ্ঠদান কৰে কণ্ঠশিল্পী তৰালী শৰ্মা, ৰূপম ভূঞা, মধুস্মৃতা, পদ্মনাভ বৰদলৈ, টুটুমণিকে ধৰি কেইবাগৰাকীও শিল্পীয়ে ৷ নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে কৃষ্ণমণি নাথ, অনিন্দিতা পাল আৰু জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়া ৷

এখন সুন্দৰ পৃথিৱীৰ কামনাৰে গান্ধাৰৰ প্ৰচেষ্টাত গীত উন্মোচন

লগতে পঢ়ক: অনিশ্চয়তাৰ দিশে সাংস্কৃতিক সংগ্ৰহালয়ৰ নিৰ্মাণকাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.