ETV Bharat / state

ৰূপহীহাটত চাঞ্চল্য: পুত্ৰই হত্যা কৰিলে ৯০বছৰীয়া পিতৃক

author img

By

Published : May 19, 2022, 9:25 PM IST

নগাঁৱৰ ৰূপহীহাটৰ নাঙলধোৱাত তীব্ৰ চাঞ্চল্য । পুত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে পিতৃয়ে । ভূমিকেন্দ্ৰীক সংঘাটৰ পৰিণতিতেই সংঘটিত এই চাঞ্চল্যকৰ ঘটনা । অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ উত্তেজনা(90 year old father killed by son) ।

son murdered father in rupahihat
ৰূপহীহাটত চাঞ্চল্য: পুত্ৰই হত্যা কৰিলে ৯০বছৰীয়া পিতৃক

নগাঁও,১৯ মে': ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি । পাষাণ পুত্ৰৰ নিৰ্লজ্জ কাণ্ড । ভূমিৰ লোভতেই পুত্ৰই হত্যা কৰিলে ৯০ বছৰীয়া পিতৃক(90 year old father killed by son for land greed) । নগাঁৱৰ ৰূপহীহাটৰ নাঙলধোৱাত সংঘটিত এই চাঞ্চল্যকৰ ঘটনা(Sensation in Nangaldhwa of Rupahihat in Nagaon)।

অভিযোগ অনুসৰি, প্ৰায় এক সপ্তাহ পূৰ্বে ৰূপহীহাটৰ নাঙলধোঁৱা গাঁৱৰ ইমান আলী নামৰ ৯০ বছৰীয়া বৃদ্ধ লোকজনক মাটি বাৰীক কেন্দ্ৰ কৰি প্ৰহাৰ কৰিছিল পুত্ৰ ইব্ৰাহিম আলীয়ে । লগে লগে আঘাতপ্ৰাপ্ত ইমান আলীক নগাঁওৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও বুধবাৰে হস্পিতালত মৃত্যু হয় পিতৃ ইমান আলীৰ ।

পুত্ৰ ইব্ৰাহিম আলীৰ আঘাতত গুৰুত্বৰ বাবে আহত হৈছিল ৯০ বছৰীয়া ইমান আলী । মাটি বাৰীৰ বাবেই নিজ পিতৃক পুত্ৰ ইব্ৰাহিম আলীয়ে প্ৰহাৰ কৰি হত্যা কৰা ঘটনাক লৈ সমগ্ৰ অঞ্চলত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য ।

ইফালে বুধবাৰে ইমান আলীৰ মৃতদেহ ঘৰলৈ অনাৰ পাছতেই ইমান আলীৰ ঘৰত উঠিছে কান্দোনৰ ৰোল । ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত ৰুজু কৰা হয় এক গোচৰ। দোষীক উচিত শাস্তিৰ দাবী জনায় পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: বানৰ বিভীষিকা: ৩৬২ কোটি টকীয়া ৰঙানদীৰ মথাউৰিলৈ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.