ETV Bharat / state

SMSS protest demanding closure of encounter: তদন্তৰ আওতালৈ আনন্দ মিশ্ৰক অনাৰ দাবী - SMSS sits in protest demanding closure of encounter in Nagaon

কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ (Kirtikamal Bora encounter case) তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছতেই এনকাউণ্টাৰ বন্ধৰ দাবীত নগাঁৱত প্ৰতিবাদত বহিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি । এনকাউণ্টাৰৰ নামত বহু ভুৱা এনকাউণ্টাৰ সংঘটিত হোৱাৰ অভিযোগ তৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে (Nagaon fake encounter case) । কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰক লৈও এতিয়া সৰৱ হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ।

Smss protest in nagaon
তদন্তৰ আওতালৈ আনক আনন্দ মিশ্ৰকো
author img

By

Published : Feb 9, 2022, 8:37 PM IST

নগাঁও, 9 ফেব্ৰুৱাৰী : পুনৰ প্ৰতিবাদত বহিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ (Kirtikamal Bora encounter case) তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছতেই এনকাউণ্টাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নগাঁৱৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি (SMSS sits in protest demanding closure of encounter in Nagaon)। তদন্তৰ প্ৰতিবেদনত কীৰ্তিকমল বৰাক কৰা গুলীচালনাত ভুল আছিল আৰক্ষীৰ ৷ এই তথ্য পোহৰলৈ অহাৰ পাচতেই আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে ।

তদন্তৰ আওতালৈ আনক আনন্দ মিশ্ৰকো

মঙলবাৰে সন্ধিয়া তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছতেই বুধবাৰে আৰক্ষীৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি । আৰক্ষীৰ ভুলৰ বাবেই নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা আহত হৈ বৰ্তমানো চিকিৎসাধীন হ’বলগীয়া হৈছে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷ এনকাউণ্টাৰৰ নামত বহু ভুৱা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱা বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদী ছাত্ৰ সংগঠনটোৱে ।

লগতে পঢ়ক : Nagaon encounter case: কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ আৰক্ষীৰ ভুল বুলি মানি লৈছে আনন্দ মিশ্ৰই

ৰাজ্যত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিছৰে পৰাই ৰাজ্যত সংঘটিত হৈ আহিছে বহু এনকাউণ্টাৰ ৷ এই অভিযোগ প্ৰতিবাদকাৰীসকলে ৷ সেয়ে এই এনকাউণ্টাৰ বন্ধ কৰিবলৈও দাবী উত্থাপন কৰে প্ৰতিবাদী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

লগতে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ গুলীত আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক সংস্থাপনো দাবী জনাই সংগঠনটোয়ে । আনহাতে, কীৰ্তিকমল বৰাক গুলীয়াই আহত কৰা ঘটনাত জড়িত আৰক্ষী বিষয়া প্ৰদীপ বনিয়াকো গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে ।

ইপিনে ৰাজ্যৰ মুখ্য সচিব পৱন বৰঠাকুৰৰ তদন্তৰ প্ৰতিবেদনত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক গ্ৰেপ্তাৰৰ দাবী জনাইছে কীৰ্তিকমল বৰাৰ পৰিয়ালৰ লোকৰ লগতে আন বহুজনে ।

লগতে পঢ়ক : Nagaon fake encounter case: কীৰ্তিকমল বৰাই লাভ কৰিলে জামিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.