নগাঁও, 26 এপ্ৰিল : ক'ভিডজনিত পৰিস্থিতিৰ বাবে নগাঁও জিলা প্ৰশাসনে জিলাৰখনৰ সকলো চৰকাৰী, বে- চৰকাৰী শিক্ষানুষ্ঠানৰ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান বন্ধ ঘোষণা কৰিছে । ৮ মে' লৈকে এই বন্ধ অব্যাহত থাকিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে । ইতিপূৰ্বে জিলাখনৰ প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম মান শ্ৰেণীলৈ সকলো চৰকাৰী, বে-চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা কৰিছিল জিলা প্ৰশাসনে ।
জিলাখনত বিগত কেইদিনত ক'ভিডৰ দ্বিতীয় লহৰত শতাধিক লোক আক্ৰান্ত হোৱাত নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ লগত ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰি জিলাখনৰ চৰকাৰী, বে- চৰকাৰী শিক্ষানুষ্ঠানৰ ষষ্ঠ মান শ্ৰেণীৰ পৰা অষ্টম মান শ্ৰেণীলৈ তৎকালীনভাৱে পাঠদান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
উল্লেখ্য যে, নগাঁও জিলাত সোমবাৰ পৰ্যন্ত ৫৫২ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । পাঠদান বন্ধ কৰা সন্দৰ্ভত সময়ে সময়ে পৰ্যালোচনা কৰা হ’ব আৰু পৰিস্থিতি উন্নত হ'লে পুনৰ পাঠদান আৰম্ভ হ'ব বুলি জানিবলৈ দিছে জিলা প্ৰশাসনে ।