ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীৰে নগাঁৱত প্ৰতিবাদ

author img

By

Published : Jan 23, 2021, 4:14 PM IST

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই নগাঁৱত ৰাইজৰ দলৰ অৱস্থান ধৰ্মঘট ৷ অখিল গগৈৰ মুক্তিৰ দাবীৰে ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদ ৷ কাৰাবন্দী অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী ৷

sit in demonstration in nagaon demanding release of akhil gogoi from jail
অখিল গগৈৰ মুক্তিৰ দাবীৰে নগাঁৱত প্ৰতিবাদ

নগাঁও, 23 জানুৱাৰী: অসমত কোনো মাওবাদী নাই আৰু অসমত যদি মাওবাদীৰ সৃষ্টি হয় তেন্তে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ তাৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব বুলি মন্তব্য কৰি শনিবাৰে ৰাইজৰ দলৰ নগাঁও জিলা সমিতিয়ে কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰে ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ অসম ভ্ৰমণৰ দিনটোতেই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰি নগাঁৱত নৱগঠিত ৰাইজৰ দলে বিনাচৰ্তে অখিল গগৈক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ দাবী উত্থাপন কৰে ৷

কাৰাবন্দী অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী প্ৰতিবাদকাৰীৰ

শনিবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুক্তিৰ দাবীত ৰাইজৰ দলৰ নগাঁও জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক নীলমণি শইকীয়াই মন্তব্য কৰে যে, অখিল গগৈক কাৰাবন্দী কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব খুজি বিজেপিয়ে ভুল কৰিছে ৷

অসমত কোনো মাওবাদী নাই বুলি মন্তব্য কৰি শইকীয়াই লগতে কয় যে অসমত যদি ভৱিষ্যতে কোনো মাওবাদী উলাই তেন্তে তাৰ বাবে সোণোৱাল চৰকাৰ সম্পূ্ৰ্ণৰূপে জগৰীয়া হ'ব ৷

প্ৰতিবাদথলীত উপস্থিত থাকি কৃষক নেতা গৰাকীক জাতীয় বীৰ হিচাপে আখ্যা দি তেওঁক অন্যয়ভাৱে কাৰাবন্দী কৰি ৰখা হৈছে বুলি অভিযোগ উত্থাপন কৰি ৰাইজৰ দলৰ নেতা নজৰুল ইছলামে বিনাচৰ্তে গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক:কংগ্ৰেছ-এআইডিএফৰ মিত্ৰজোঁটে অগপ-বিজেপিক সহায় কৰিব : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.