ETV Bharat / state

Junmoni Rabha case update: কি পৰ্যায়ত আছে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত ? - ETV Bharat Assam

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত আজিও অব্যাহত ৰাখিছে চি বি আইয়ে । কিন্তু বিগত কিছুদিন ধৰিয়েই যেন একপ্ৰকাৰ চর্চা নোহোৱা হৈছে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগ । ইয়াৰ মাজতে শনিবাৰে পুনৰ নগাঁও আৱৰ্ত ভৱনত উপস্থিত হৈছে চি বি আইৰ চাৰিজনীয়া এটা দল । কিন্তু কি পৰ্যায়ত আছে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত ?

Junmoni Rabha case update
Junmoni Rabha case update
author img

By

Published : Jul 8, 2023, 8:16 PM IST

নগাঁও, 8 জুলাই: সমগ্ৰ ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত কি পৰ্যায়ত আছে ? সেয়া জানিবলৈ হয়তো ৰাজ্যৰ সকলোৱে উৎসুকতাৰে অপেক্ষ কৰিছে ৷

সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন, কি পৰ্যায়ত আছে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত ? বিগত ১৫ মে’ৰ নিশা দুৰ্ঘটনাত পতিত হোৱা অৱস্থাত উদ্ধাৰ হৈছিল নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ মৃতদেহ । অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল ৰহস্যৰ ।

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত বিচাৰি বিভিন্ন প্ৰান্তত সাব্যস্ত হৈছিল প্ৰতিবাদ । লগে লগে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল অসম আৰক্ষীৰ অনুসন্ধান শাখা চমুকৈ চি আই ডিয়ে । পৰৱৰ্তী সময়ত এছ আই জোনমণি ৰাভাৰ পৰিয়ালৰ লোকৰ দাবীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ কৰিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ।

সেই মৰ্মে চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত এটা দল নগাঁৱত উপস্থিত হৈ আৰম্ভ কৰে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত । সমান্তৰালকৈ জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই উত্থাপন হোৱা আৰক্ষী আৰু নকল সোণ ব্যৱসায়ী মাজত থকা সম্পৰ্কৰ অভিযোগৰো তদন্ত আৰম্ভ কৰে চি বি আইৰ দলটোৱে ।

দলটো লখিমপুৰত উপস্থিত হৈ তদন্ত কৰাৰ লগতে অভিযুক্ত কেইবাগৰাকী আৰক্ষী বিষয়াকো জেৰা কৰে চি বি আইৰ দলে । কিন্তু বিগত কিছুদিন ধৰি যেন চৰ্চাৰ বাহিৰত জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগ । ইয়াৰ মাজতে শনিবাৰে গুৱাহাটীৰ পৰা নগাঁৱলৈ আহিছে ৪ জনীয়া চিবিআইৰ এটা দল ।

নগাঁৱৰ আৱৰ্ত ভৱনত উপস্থিত হৈছে চিবিআইৰ দলটো । পূৰ্বৰে পৰা নগাঁৱত বাহৰ পাতি আছে ১২ জনীয়া এটা চিবিআইৰ দলে । চিবিআইৰ কাৰিকৰী শাখাৰ দলে চলাই আছে তদন্ত প্ৰক্ৰিয়া । অৱশ্যে চি বি আইৰ দলটোৱে নীতি নিয়মৰ ভিতৰত সম্পূৰ্ণ গোপনীয়তা ৰক্ষা কৰি তদন্ত অব্যাহত ৰখাত তদন্তত কি কি তথ্য লাভ কৰিলে সেয়া জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক: Public attacked rupohihat police:কেৱল কথা পাতিবলৈ যাওতেই আৰক্ষী প্ৰহৃত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.