ETV Bharat / state

অসমত গণতন্ত্ৰ নহয় বিজেপিতন্ত্ৰ চলিছেঃ শৃংখল চলিহা

শনিবাৰে চামগুৰিৰ বিলপাৰত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ সংবাদমেল ৷ সংবাদমেলযোগে শৃংখল চলিহাই কৰে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য ৷ দুই-এক বিশেষ সংগঠনৰ প্ৰভাৱৰ বাবে 'কা' বিৰোধী আন্দোলন কিছু পৰিমাণে সীমিত হোৱা বুলি স্বীকাৰ কৰে শৃংখল চলিহাই ।

author img

By

Published : Jan 25, 2020, 3:26 PM IST

shrinkhal chaliha press meet
শৃংখল চলিহাৰ সংবাদমেল

নগাঁও,25 জানুৱাৰীঃ শনিবাৰে পুৱাই চামগুৰিৰ বিলপাৰত উপস্থিত হয় বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা । সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শৃংখল চলিহাই কৰে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য ৷ দুই-এক বিশেষ সংগঠনৰ প্ৰভাৱৰ বাবে 'কা' বিৰোধী আন্দোলন কিছু পৰিমাণে সীমিত হোৱা বুলি স্বীকাৰ কৰে শৃংখল চলিহাই । অসমত গণতন্ত্ৰ নহয় বিজেপিতন্ত্ৰ চলিছে, বিজেপিক বিৰোধিতা কৰা সকলো দেশদ্ৰোহী আৰু বিজেপিৰ সমৰ্থক সকল এতিয়া দেশপ্ৰেমিক হৈ পৰিছে ৷ আন্দোলনৰ বাবে বিজেপিৰ দৰে টকা দি মানুহক সভালৈ উলিয়াই অনা নাই 'কা' বিৰোধী পক্ষই ।

শৃংখল চলিহাৰ সংবাদমেল

এনেদৰে বিস্ফোৰক মন্তব্য কৰি অখিল গগৈ সহ আন কাৰাবন্দী সকলক মুক্তিৰ দাবী উত্থাপন কৰে শৃংখল চলিহাই । 'কা' বিৰোধী আন্দোলনৰ প্ৰতি আলফাৰ স্থিতি মৌন, যি সংগঠনেই নহওঁক 'কা' বিৰোধী স্থিতি দৃঢ় কৰিব লাগে বুলিও মন্তব্য কৰে শৃংখল চলিহাই । আত্মসমৰ্পণৰ যোগেদি একাংশ উগ্ৰপন্থী সংগঠনে আত্মপ্ৰকাশ কৰা বুলি উল্লেখ কৰি এয়া লজ্জাৰ কথা বুলি মন্তব্য কৰে শৃংখল চলিহাই । বাংলাদেশৰ পৰা পলাই অহা এটা জাতিয়ে হাতত বন্দুক উঠাই ল'লে অসমীয়াই ভয় নাখায় বুলিও মন্তব্য বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ ৷ কংগ্ৰেছ এটা নস্যাৎ দল, এতিয়া আঞ্চলিকতাবাদী শক্তিৰহে সৃষ্টি হ'ব, এইবাৰ অগপৰ দৰে নেতাৰ পৰিৱৰ্তে সিংহৰ জন্ম হ'ব বুলিও মন্তব্য কৰে শৃংখল চলিহাই ।

লগতে পঢ়কঃ আলফা স্বাধীনৰ বন্ধ সন্দৰ্ভত আৰক্ষী আয়ুক্তৰ প্ৰতিক্ৰিয়া

Intro:নগাঁৱত শৃঙ্খল চলিহাৰ বহুকেইটা বিস্ফোৰক মন্তব্য। নগাঁৱৰ চামগুৰিত সংবাদ মেলত মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃঙ্খল চলিহাৰ। Body:শনিবাৰে পুৱাই চামগুৰিৰ বিলপাৰত উপস্থিত হয় বীৰ লাচিত সেনাৰ নেতা শৃঙ্খল চলিহা। সাংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শৃঙ্খল চলিহাই কৰে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য-
দুই-এক বিশেষ সংগঠনৰ প্ৰভাৱৰ বাবে 'কা' বিৰোধী আন্দোলন কিছু পৰিমাণে সীমিত হোৱা বুলি স্বীকাৰ কৰে শৃঙ্খল চলিহাই। সংবাদ মাধ্যমৰ সন্মুখত শৃঙ্খল চলিহাৰ মন্তব্য
সন্দেহযুক্ত বাংলাদেশীৰে বোকাখাতত অতুল বৰাই শুক্ৰবাৰে সভা পাতিলে। তেওঁলোকৰ লগত খিলঞ্জীয়া-ভূমিপুত্ৰ সকল নাই। ইতিমধ্যেই গঠন হোৱা নতুন দলবোৰ বিজেপিৰ বি টিম আখ্যা, এইবোৰ দলৰ জৰিয়তে আন্দোলনৰ ধাৰা স্তিমিত কৰাৰ চেষ্টা কৰা হৈছে। অসমত গণতন্ত্ৰ নহয় বিজেপিতন্ত্ৰ চলিছে, বিজেপিক বিৰোধিতা কৰা সকলো দেশদ্ৰোহী আৰু বিজেপিৰ সমৰ্থক সকল এতিয়া দেশপ্ৰেমিক হৈ পৰিছে।
আন্দোলনৰ বাবে বিজেপিৰ দৰে টকা দি মানুহক সভালৈ উলিয়াই অনা নাই 'কা' বিৰোধী পক্ষই।
অখিল গগৈ সহ আন কাৰাবন্দী সকলক মুক্তিৰ দাবী উত্থাপন কৰে শৃঙ্খল চলিহাই । 'কা' বিৰোধী আন্দোলনৰ প্ৰতি আলফাৰ স্থিতি মৌন, যি সংগঠনেই নহওঁক 'কা' বিৰোধী স্থিতি দৃঢ় কৰিব লাগে বুলিও মন্তব্য কৰে শৃঙ্খল চলিহাই ।
আত্মাসমৰ্পণৰ যোগেদি ক একাংশ উগ্ৰপন্থী সংগঠনে আত্মপ্ৰকাশ কৰা বুলি উল্লেখ কৰি এয়া লজ্জাৰ কথা বুলি মন্তব্য কৰে শৃঙ্খল চলিহাই । বাংলাদেশৰ পৰা পলাই অহা এটা জাতিয়ে হাতত বন্দুক উঠাই ল'লে অসমীয়াই ভয় নাখায় বুলিও মন্তব্য শৃঙ্খল চলিহাৰ। কংগ্ৰেছ এটা নস্যাৎ দল, এতিয়া আঞ্চলিকতাবাদী শক্তিৰহে সৃষ্টি হব, এইবাৰ অগপৰ দৰে নেতাৰ পৰিৱৰ্তে সিংহৰ জন্ম হব বুলিও মন্তব্য কৰে শৃঙ্খল চলিহাই।
Bite
-------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাঁও
২৫-১-২০ Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.