ETV Bharat / state

মুখ্যমন্ত্ৰীৰ হৈ মহা মৃত্যুঞ্জয় মন্দিৰত পূজা-অৰ্চনা - himanta bishwa sarma

নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰত পূজা-অৰ্চনা ৷ কৃষ্ণা চতুৰ্দশী তিথিত মন্দিৰটোত অনুষ্ঠিত শিৱ পূজা উৎসৰ্গিত হ’ল মুখ্যমন্ত্ৰী গৰাকীৰ নামত ৷

shiv_puja_for_cm
মুখ্যমন্ত্ৰীৰ হৈ পূজা অৰ্চনা চলিল মহামৃত্যুঞ্জয় মন্দিৰত
author img

By

Published : May 11, 2021, 10:21 PM IST

নগাঁও,11 মে’: মঙলবাৰে নগাঁৱৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত থকা ১২৬ ফুট উচ্চতাৰ বিশ্বৰ সৰ্ববৃহৎ মহা মৃত্যুঞ্জয় মন্দিৰত নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ শিৱ পূজাৰ আয়োজন কৰে মন্দিৰ কমিটিয়ে । বিশেষকৈ কৃষ্ণা চতুৰ্দশী তিথি উপলক্ষে মন্দিৰত অনুষ্ঠিত হোৱা এই শিৱ পূজাত কেৱল হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু, সুস্বাস্থ্য কামনা কৰাৰ লগতে ৰাজ্যখনক সবল নেতৃত্ব দিব পৰাকৈ উৎসৰ্গা কৰা হয় ।

মুখ্যমন্ত্ৰীৰ হৈ পূজা অৰ্চনা চলিল মহামৃত্যুঞ্জয় মন্দিৰত

উল্লেখ্য যে, ২০১০ চনৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল উক্ত মন্দিৰৰ ৷ পৰৱৰ্তী সময়ত ২০১৯ চনত মন্দিৰ পৰিচালনা সমিতিৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ শৰ্মাই দায়িত্ব গ্ৰহণৰ এটা বছৰ পিছতে মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ পৰে । এই বিশেষ মন্দিৰটোত যোৱা ২২ ফেব্ৰুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ লগতে ১০৮ কুণ্ডৰ যজ্ঞ সম্পন্ন কৰা হয় ।

ইয়াৰ পিছতে বিশ্বৰ পৰ্যটন ক্ষেত্ৰত মন্দিৰটোৱে স্থান লাভ কৰে । হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে বঢ়মপুৰ সমষ্টিবাসীৰ লগতে মন্দিৰৰ লগত জড়িত সকলো বিষয়ববীয়া উৎফুল্লিত হৈ পৰিছে । মন্দিৰত শিৱ পূজা অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ প্ৰাৰ্থনা কৰাটোৱে বিশেষভাৱে তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোনে কি দপ্তৰ পালে...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.