ETV Bharat / state

Nagaon Sex Racket : এহেজাৰ টকাৰ বিনিময়তে নগাঁৱৰ বাইপাছৰ একাংশ ধাবাত চলে যৌনতাৰ বেহা - 17 detained in Nagaon sex racket

নগাঁৱৰ বাইপাছৰ একাংশ ধাবাত নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় (sex racket at dhabas in Nagaon bypass) । বাইপাছৰ ধাবাত নগাঁও আৰক্ষীৰ অভিযান । অসংযত অৱস্থাত ৫ যুৱতীসহ ১৭ যুৱকক আটক । জব্দ বহু আপত্তিজনক সামগ্ৰী ।

Nagaon
Nagaon
author img

By

Published : Mar 24, 2023, 1:05 PM IST

Updated : Mar 24, 2023, 2:14 PM IST

নাৰীদেহৰ ব্যৱসায় সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষকৰ সংবাদমেল

নগাঁও, ২৪ মাৰ্চ : নগাঁৱৰ বাইপাছৰ একাংশ ধাবাত এহেজাৰ টকাৰ বিনিময়তে চলে যৌনতাৰ বেহা (sex racket at dhabas in Nagaon bypass) । একাংশ ধাবাৰ স্বত্বাধিকাৰী আৰু দালাল চক্ৰই গ্ৰহকক যোগান ধৰে যুৱতী মহিলা । বৃহস্পতিবাৰে নিশা নগাঁও আৰক্ষীৰ এক সফল অভিযানৰ পিছতেই পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ।

দীৰ্ঘদিন ধৰি নগাঁৱৰ বৰঘাট বাইপাছৰ একাংশ ধাবাত দেহ ব্যৱসায়ৰ দৰে অনৈতিক কাৰ্যকলাপ চলাই থকাৰ অভিযোগ উঠাৰ সময়তে নগাঁও আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত আৰু মৰিকলঙৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভা, বৰঘাতৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমণীকান্ত দাসৰ সহযোগত বৃহস্পতিবাৰে নিশা বাইপাছৰ ভোগদৈ ধাবাত অভিযান চলায় নগাঁও আৰক্ষীৰ এটা দলে (Nagaon police raid on dhabas in Nagaon) ।

নগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা চলোৱা অভিযানত ৫ গৰাকী যুৱতীসহ ১৭ জন গ্ৰাহকৰূপী যুৱকক আটক কৰে (17 detained in Nagaon sex racket) । এই সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষক লীনা দলেয়ে (Nagaon SP Leena Doley on Nagaon sex racket) সংবাদ মাধ্যমৰ আগত কয় যে অভিযানত আৰক্ষীৰ দলটোৱে ভোগদৈ ধাবাৰ স্বত্বাধিকাৰী ৰাতুল হাজৰিকাৰ লগতে যুৱতী, মহিলা যোগান ধৰা দালাল চক্ৰকো আটক কৰে আৰক্ষীৰ দলটোৱে । এই চক্ৰটোৰ মূল দালাল দুলাল আহমেদকো আৰক্ষীয়ে আটক কৰে । অভিযানৰ সময়ত ভোগদৈ ধাবাৰ পৰা বহু আপত্তিজনক সামগ্ৰীৰ লগতে নগদ ধনো জব্দ কৰে আৰক্ষীৰ দলটোৱে ।

উল্লেখ্য যে আৰক্ষীয়ে নিজাববীয়াকৈ এটা মানৱ সৰবৰাহৰ গোচৰ ৰুজু কৰাৰ লগতে অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰা হ'ব । আনহাতে, উদ্ধাৰ কৰা যুৱতীকেইগৰাকীক কাউন্সেলিঙৰ ব্যৱস্থা কৰা হ'ব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে । উদ্ধাৰ হোৱা যুৱতীকেইগৰাকীক ন্যায়ালয়ৰ অনুমতি লৈ নাৰীগৃহলৈ প্ৰেৰণ কৰা হ'ব বুলিও তেওঁ জনায় ।

উল্লেখ্য যে ৰাজ্যৰ একাংশ ধাবাত আৰক্ষী তথা প্ৰশাসনৰ চকুত ধূলি দি চলি আছে কেতবোৰ অনৈতিক কাৰ্য । ড্ৰাগছকে ধৰি বিভিন্ন মাদক দ্ৰৱ্যৰ বেহা তথা সৰবৰাহৰ লগতে নাৰীদেহৰ ব্যৱসায় চলাই আহিছে একাংশ ধাবাৰ গৰাকীয়ে । নগাঁৱৰ ঘটনাটোৱে পুনৰবাৰ সেয়া প্ৰমাণ কৰিছে । আৰক্ষী-প্ৰশাসন অধিক সক্ৰিয় হ'লে এনে ধৰণৰ ঘটনা আৰু পোহৰলৈ অহাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি ।

লগতে পঢ়ক :Mysterious death of a woman: সোণাৰিত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য

Last Updated : Mar 24, 2023, 2:14 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.