কলিয়াবৰ, 15 ছেপ্টেম্বৰ : হাতে-হাতে ঝাড়ু, বাঢ়নী লৈ বজাৰ পৰিষ্কাৰত নামিল বিজেপি কৰ্মী । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ পশ্চিম কলিয়াবৰ মণ্ডল সমিতিৰ সভাপতি শশী ভূষণ ৰায়ৰ নেতৃত্বত পশ্চিম কলিয়াবৰৰ অন্তৰ্গত মুঠ আঠটা গাঁও পঞ্চায়তত "সেৱা সপ্তাহ" কাৰ্যসূচীৰ মংগলবাৰে শুভাৰম্ভ কৰা হয় ।
ভাৰতীয় জনতা পাৰ্টীৰ পশ্চিম কলিয়াবৰ মণ্ডল সমিতিৰ সভাপতি শশী ভূষণ ৰায়ৰ নেতৃত্বত নিজ বৰভগীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী পবিত্ৰা বৰাৰ সহযোগত পঞ্চায়তৰ বিষয় ববীয়া তথা ভাৰতীয় জনতা পাৰ্টীৰ সদস্য সকলে কলিয়াবৰৰ মিছাৰ দৈনিক তথা দেওবৰীয়া সাপ্তাহিক বজাৰত হাতে হাতে ঝাড়ু, বাঢ়নীলৈ, স্বচ্ছ ভাৰতৰ আৰ্হিত সমগ্ৰ বজাৰ খন চাফ চিকুণ কৰি "সেৱা সপ্তাহৰ" কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।
![Cleaning Market Place](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8816081_gf.jpg)
এই অনুষ্ঠানতে অনাগত সপ্তাহ জোৰা বিভিন্ন কৰ্মসূচীৰ তালিকা প্ৰস্তুত কৰে বিজেপিৰ কৰ্মী সকলে । ইয়াৰ ভিতৰত বৃক্ষ ৰোপণ, ৰক্তদান অনুষ্ঠান, ৰোগীৰ মাজত ফলমূল বিতৰণ অন্যতম । আনহাতে, এই সেৱা সপ্তাহৰ শুভাৰম্ভ অনুষ্ঠানৰ পাচতে পশ্চিম কলিয়াবৰৰ অন্তৰ্গত ৰহধলা গাঁও পঞ্চায়তৰ সভাপতি ৰামেশ্বৰ বৰাৰ সহযোগত পঞ্চায়তৰ বিষয়-ববীয়া তথা ভাৰতীয় জনতা পাৰ্টীৰ সদস্য সকলে ৰহধলা গাঁও পঞ্চায়তৰ অন্তৰ্গত গঢ়গুৰি প্ৰাথমিক বিদ্যালয়ত "স্বচ্ছতা অভিযান"ৰ চিন স্বৰূপে বিদ্যালয় পৰিষ্কাৰ কৰে । ইয়াৰ লগতে ৰহধলা গাঁও পঞ্চায়তৰ সভাপতি ৰামেশ্বৰ বৰাই কৰ'ণা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে ।
![Cleaning Market Place](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8816081_hhd.jpg)
এনেদৰেই পশ্চিম কলিয়াবৰ অন্তৰ্গত আঠটা পঞ্চায়তৰ লগতে অন্যান্য ১০ টা পঞ্চায়ততো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অহা ১৭ ছেপ্টেম্বৰত হ’বলগীয়া জন্ম দিৱসটি দেশজুৰি সাত দিনীয়াকৈ "সেৱা সপ্তাহ"কাৰ্যসূচী হিচাপে পালন কৰাৰ ব্যৱস্থা কৰিছে সমগ্ৰ ভাৰতীয় জনতা পাৰ্টীৰ কার্যকৰ্তাই ৷
লগতে পঢ়ক : মাস্ক নিপিন্ধা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে ধুবুৰী আৰক্ষী