ETV Bharat / state

গাঁৱলীয়া মেলেই কাল হ’ল নুৰ মিঞাৰ - নুৰমিঞা

মৈৰাবাৰীত গাঁৱলীয়া মেলে প্ৰাণ কাঢ়িলে নুৰ মিঞা নামৰ এজন ষাঠীৰ উৰ্ধৰ ব্যক্তিৰ ৷ জানো আহক ঘটনাৰ সবিশেষ ৷

MUDER
MUDER
author img

By

Published : Oct 1, 2021, 5:23 PM IST

ধিং, 1 অক্টোবৰ : মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত উৰলকাটা গাঁৱত সংঘটিত হোৱা এক মাৰপিটৰ ঘটনাত নুৰ মিঞা নামৰ এজন 60 বছৰীয়া লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে উৰলকটা গাঁৱৰ প্ৰায় ৫ জনীয়া এটা গৰু বেপাৰীৰ দলৰ মাজতে বেপাৰৰ টকা লেন-দেনৰ এক সংঘাতৰ সৃষ্টি হয় ফলত সেই গাঁৱৰেই মাতাব্বৰ তাহেৰ উদ্দিনৰ ঘৰত টকা লেন-দেনৰ হিচাপ কৰিবলৈ এক গাঁৱলীয়া বৈঠক অনুষ্ঠিত হয় ।

এই বৈঠকত টকা লেন-দেনৰ হিচাপ অমিল হোৱাত ৫ জন লোকে ৬০ বছৰীয়া নুৰ মিঞাক মাৰপিট কৰি বুকুত গুৰুতৰ বাবে আঘাত কৰে লগে লগেই লোকজন মাটিত ঢলি পৰে ৷ ইয়াৰ মাজতে বৈঠকত থকা কোনো এজন লোকে পৰিয়ালৰ লোকক খবৰ দিয়াত পৰিয়ালৰ লোকে নুৰ মিঞাক মৈৰাবাৰী চিকিৎসা কেন্দ্ৰলৈ নিয়ে যদিও মৈৰাবাৰী চিকিৎসকে মৰিগাঁৱলৈ প্ৰেৰণ কৰে তেওঁক ৷

কিন্তু সংকটজনক অৱস্থাৰ বাবে নুৰ মিঞাক উন্নত চিকিৎসাৰ বাবে মৰিগাওঁৰ পৰা গুৱাহাটী জি এম চিলৈ প্ৰেৰণ কৰে যদিও অৱশেষত তেওঁ মৃত্যুবৰণ কৰে ।

উল্লেখ্য যে, যোৱা ২৬ চেপ্তেম্বৰ তাৰিখে সংঘটিত হোৱা উক্ত মাৰপিটৰ ঘটনা সন্দৰ্ভত নিহত নুৰ মিঞাৰ পুত্ৰ মতিবুৰ ৰহমানে মৈৰাবাৰী থানাত গাঁৱলীয়া মেল বহুওৱা ৫ জন লোকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল ৷ শুকুৰবাৰে, নুৰ মিঞাৰ মৃতদেহ লৈ পৰিয়ালৰ লোকে মৈৰাবাৰী থানাত উপস্থিত হয় । উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেনে ভূমিকা লয় সময়ত হে কব পৰা যাব ।

লগতে পঢ়ক : চীনৰ উত্থানক লৈ কি ক'লে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.