ETV Bharat / state

নগাঁৱত ঢেকিয়াপতিয়াৰ আতংক, কোন কোন অঞ্চলত ১৪৪ ধাৰা জাৰি ?

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 7:56 PM IST

144 in Nagaon: নগাঁৱৰ ননৈত বাঘৰ আতংক । জিলা দণ্ডাধীশে জাৰি কৰিলে ১৪৪ ধাৰা । ১৪৪ ধাৰাৰ অধীনত কোন কোন গাঁৱত নিষিদ্ধ কি কি কাৰ্য্যকলাপ ?

144 in Nagaon
নগাঁৱত ১৪৪ ধাৰা জাৰি

নগাঁও, 5 জানুৱাৰী: নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে চি আৰ পি চিৰ ১৪৪ (১) নং ধাৰাৰ অধীনত নগাঁও সদৰ থানাৰ অন্তৰ্গত জলাহগাঁও, উজৰাগাঁও, সূতাৰগাঁও, ভেলাইগাঁও, ননৈ নামাকুৰি, নিজ পাখিমৰীয়াকে ধৰি সকলো গাঁৱতে 144 ধাৰা জাৰি কৰিছে ৷ ননৈত অব্যাহত থকা বাঘৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি বাঘটো যোৱাৰ সম্ভাৱনা থকা ৰাজহ চক্ৰটোৰ অন্তৰ্গত গাঁওসমূহত জাৰি কৰিছে নিষেধাজ্ঞা ।

144 in Nagaon
নগাঁৱত ১৪৪ ধাৰা জাৰি

নিষেধাজ্ঞা অনুসৰি উল্লেখিত অঞ্চলসমূহত পাঁচগৰাকী বা তাতকৈ অধিক ব্যক্তিৰ সমাৱেশ নিষিদ্ধ, যি কোনোধৰণৰ আগ্নেয়াস্ত্ৰ, মাৰণাস্ত্ৰ, ধনু-কাঁড় আদি কঢ়িয়াই নিয়া নিষিদ্ধ কৰা হৈছে ৷ ইয়াৰোপৰি চিঞৰ বা উচ্চ শব্দ কৰা অথবা আন কোনোধৰণে জনশান্তি-শৃংখলা ভংগ কৰা বা কোনো ব্যক্তিয়ে পৰিৱেশ আৰু বন বিভাগৰ বিষয়াৰ লগতে আইন প্ৰয়োগকাৰী সংস্থাসমূহক শাৰীৰিকভাৱে অসুবিধা বা যিকোনোধৰণে বাধাৰ সৃষ্টি কৰা নিষিদ্ধ কৰা হৈছে ৷ উক্ত বিষয়াসকলে সেই অঞ্চলত কোনো বাধা নোহোৱাকৈ নিজৰ কৰ্তব্য পালন কৰি মানৱ জীৱনৰ লগতে পশুধনৰ সুৰক্ষাৰ বাবে ঘূৰি ফুৰা বাঘটোক খেদি পঠিয়াব পাৰে বা ইয়াক সংযত অথবা বন্দী কৰিব পৰাৰ বাবে এনে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

পৰিৱেশ আৰু বন বিভাগৰ বিষয়া আৰু কৰ্মচাৰী, বনৰক্ষী, এ এফ পি এফ জোৱান, আৰক্ষী, পেৰা মিলিটাৰী বাহিনী, সশস্ত্ৰ বাহিনী আৰু অঞ্চলটোত কৰ্তব্যৰত অন্যান্য চৰকাৰী বিষয়া আৰু কৰ্মচাৰীসকলক এই আদেশৰ পৰিসৰৰ পৰা ৰেহাই দিয়া হৈছে । এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বলবৎ হ'ব আৰু পৰৱৰ্তী আদেশ নোহোৱালৈকে বৰ্তি থাকিব ।

এই নিষেধাজ্ঞামূলক আদেশৰ কোনোধৰণৰ উলংঘা হ’লে উলংঘাকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে । ইপিনে বাঘটোক পিঞ্জৰাবদ্ধ অথবা বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে বন বিভাগেও অহৰহ চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: নগাঁও জিলাৰ ননৈ ভেলাইগাঁৱত ঢেকীয়াপতীয়াৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.