ETV Bharat / state

'নেলীৰ কথা'ৰ দ্বিতীয়টো প্ৰমোশ্যনেল গীত মুকলি

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 12:48 PM IST

নেলী গণহত্যাৰ আধাৰত নিৰ্মাণ কৰা অসমীয়া কথাছবি 'নেলীৰ কথা' ৰ দ্বিতীয়টো প্ৰমোশ্যনেল গীতৰ মুকলি । প্ৰাঞ্জল কুমাৰ মহন্তৰ ৰচিত গীতটো মুকলি কৰে বিশিষ্ট পৰিচালক অৰূপ মান্নাই ।

A film based on the Nellie massacre
নেলী গণহত্যাৰ আধাৰত নিৰ্মাণ কথাছবি

নেলী গণহত্যাৰ আধাৰত নিৰ্মাণ কথাছবি

নগাঁও, ২৯ নৱেম্বৰ: অহা ৮ ডিচেম্বৰত মুক্তি লাভ কৰিবলগীয়া বহু চৰ্চিত ছবি 'নেলীৰ কথা'ৰ দ্বিতীয়টো প্ৰমোশ্যনেল গীত মঙলবাৰে নগাঁৱত মুকলি কৰা হয় । মঙলবাৰে বিয়লি সাংস্কৃতিক গোষ্ঠী কল্লোলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 'নেলীৰ কথা' ছবিখনৰ দ্বিতীয়টো প্ৰমোশ্যনেল গীত মুকলি কৰে বিশিষ্ট ছবি পৰিচালক অৰূপ মান্নাই । উল্লেখযোগ্য যে ১৯৮৩ চনত সংঘটিত নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ সংবেদনশীলতাৰে পাৰ্থজিৎ বৰুৱাই 'নেলীৰ কথা' চিনেমাখন নিৰ্মাণ কৰিছে । বিশেষকৈ মানৱতাক প্ৰতিষ্ঠাৰ উদ্দেশ্যেই নিৰ্মাণ কৰা নেলীৰ কথা অহা ৮ ডিচেম্বৰত ৰাজ্যৰ ছবিগৃহত মুক্তি লাভ কৰিব যদিও মুক্তিৰ পূৰ্বেই ছবিখনে লাভ কৰিছে ব্যাপক চৰ্চা ।

উল্লেখ্য় যে ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ (বৰ্তমানে মৰিগাঁও জিলা) নেলীত সংঘটিত হোৱা এই কৰুণ ঘটনাক আজিও পাহৰিব পৰা নাই অসমৰ কোনো এজন লোকেই । আনহাতে, নেলীৰ গণহত্যা এক হিংসাৰ ঘটনা যদিও ছবিখনত কোনো হিংসাত্মক দৃশ্য ৰূপায়ন কৰা নাই বুলি মন্তব্য কৰে ছবি খনৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাই ।

লেখক তথা প্ৰকাশক প্ৰাঞ্জল কুমাৰ মহন্তই লিখা নেলীৰ কথাৰ দ্ধিতীয়টো প্ৰমোশ্যনেল গীতত কণ্ঠদান কৰিছে শিল্পী ৰূপম ভূঞাই । ছবিখন পৰিচালনা কৰিছে পাৰ্থজিত বৰুৱাই । ১০২ মিনিট দৈৰ্ঘ্যৰ 'নেলীৰ কথা' ছবিৰ দ্বিতীয়টো প্ৰমোশ্যনেল গীতৰ মুকলি অনুষ্ঠানত বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতিকে প্ৰমুখ কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই ছবিখন অসমৰ দৰ্শক ৰাইজে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিছে পৰিচালক পাৰ্থজিত বৰুৱাই ।

লগতে পঢ়ক:গছ কাটি উৰণ সেতু নিৰ্মানৰ বিৰোধিতা, শিক্ষাৰ্থীয়েও দিলে চৰকাৰক পৰামৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.