ETV Bharat / state

পেলনীয়া সামগ্ৰীক প্ৰাণ দিয়া এগৰাকী শিল্পীৰ কাহিনীৰে... - ভাস্কৰ্য শিল্প

নৱ-প্ৰজন্মক শিল্প-কৰ্মৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে বাঁহ, কাঠ আৰু পেলনীয়া সামগ্ৰীক প্ৰাণ দিয়াত ব্যস্ত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ৷ কলিয়াবৰৰ মাজ পূবথৰীয়া গাঁৱৰ বাসিন্দা নিত্যানন্দ বৰুৱা নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে ভাস্কৰ্য শিল্পৰে ৰাইজৰ পৰা ভূয়সী প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে ৷

এগৰাকী শিল্পী
এগৰাকী শিল্পী
author img

By

Published : Sep 3, 2020, 5:27 PM IST

কলিয়াবৰ, 3 চেপ্তেম্বৰ: বাঁহ, কাঠ আৰু পেলনীয়া সামগ্ৰীক প্ৰাণ দিয়াত ব্যস্ত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ৷ কলিয়াবৰত নৱ-প্ৰজন্মক শিল্প-কৰ্মৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে এনে পদক্ষেপ গ্ৰহণ কৰিছে প্ৰাক্তন শিক্ষকগৰাকীয়ে ৷ শিল্প-কৰ্মৰ জৰিয়তে জীৱিকা নিৰ্বাহৰ বাট দেখুওৱাৰ লগতে, মূল্যবোধৰ শিক্ষা প্ৰদানৰ বাবে অহৰহ চেষ্টা কৰি গৈছে শিক্ষক তথা শিল্পীগৰাকীয়ে ৷ তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ, কাঠ, পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰা ভাস্কৰ্য শিল্পই ৷

এগৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ,কাঠ আৰু পেলনীয়া সামগ্ৰীয়ে

কলিয়াবৰৰ মাজ পূবথৰীয়া গাঁৱৰ বাসিন্দা নিত্যানন্দ বৰুৱা নামৰ ভাস্কৰ্য শিল্পী গৰাকীয়ে ভাস্কৰ্য শিল্পৰে ৰাইজৰ পৰা ভূয়সী প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে ৷ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক নিত্যানন্দ বৰুৱাই তেওঁৰ পিতৃ স্বৰ্গীয় গংগাধৰ বৰুৱাৰ পৰা পোৱা প্ৰাৰম্ভিক শিক্ষাৰে, সৰু কালৰে পৰা দুই-এপদকৈ সামগ্ৰী নিৰ্মাণ কৰি গৈছে ৷

বৰ্তমান তেওঁৰ হাতৰ পৰশত বাঁহ আৰু কাঠৰে নিৰ্মাণ কৰা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্চ ভাৰতৰ এক আৰ্হিয়ে প্ৰাণ পাই উঠিছে ৷ ইয়াৰোপৰি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ অন্যতম শ্ৰেষ্ঠ আকৰ্ষণ ঢুলীয়া আৰু নাচনী, ভিন্ন ধৰণৰ চৰাই, ফুলদানি, এশিঙীয়া গঁড় নিৰ্মাণ কৰাৰ লগতে, সম্প্ৰতি তেওঁ ব্যস্ত হনুমান আৰু ৰামৰ মূৰ্তি নিৰ্মাণত ৷ যদিহে নৱ-প্ৰজন্মই এই শিল্প বিধৰ প্ৰতি আকৰ্ষিত হয় তেনেহ'লে অনাগত দিনত নৱ-প্ৰজন্মক এই ভাস্কৰ্য শিল্পৰ শিক্ষা প্ৰদানৰ লগতে, মূল্যবোধৰ শিক্ষাৰেও তেওঁলোকক শিক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে শিল্পী গৰাকীয়ে ৷

লগতে পঢ়ক: অভিৰুচি ক্ৰীড়া দিৱসত কি ক'লে ভোগেশ্বৰ বৰুৱাই...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.