ETV Bharat / state

চৰম উৰ্ধতালি : যান-বাহন আৰক্ষীক চোঁচৰাই নিলে উদণ্ড স্কুটী চালকে - স্কুটী চালক

শুকুৰবাৰে দিনৰ ভাগত নগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । কৰ্তব্যৰ নগাঁও আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ এগৰাকী জোৱানক চোঁচৰাই নিয়াক দুই স্কুটী আৰোহীয়ে । চাওক সম্পূৰ্ণ ভিডিঅ'...

Scooty rider attack traffic police in Nagaon
নগাঁৱত যান-বাহন আৰক্ষীক চোচৰাই নিলে স্কুটি আৰোহীয়ে
author img

By

Published : Aug 13, 2021, 8:08 PM IST

নগাঁও, 13 আগষ্ট : নগাঁও চহৰত শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । কৰ্তব্যৰত নগাঁও আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ এগৰাকী আৰক্ষী জোৱানক চোঁচৰাই নিয়ে দুই স্কুটী আৰোহীয়ে । নগাঁও চহৰৰ নগাঁও মহাবিদ্যালয়ৰ চ'কত হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে সংঘটিত হয় এই ঘটনা ।

জানিব পৰা মতে, হেলমেট পৰিধান নকৰাকৈ AS-০২L-১০২৩ নম্বৰৰ স্কুটী এখনত আহা দুই যুৱকক ৰাখিবলৈ সংকেত দিছিল নগাঁও যান-বাহন আৰক্ষীয়ে । কিন্তু যান-বাহন আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পলায়নৰ চেষ্টা চলাই দুই স্কুটী আৰোহীয়ে ৷ পালয়ন কৰিবলৈ লওঁতেই স্কুটী খনৰ চালকক বাধা প্ৰদান কৰে যান-বাহন আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক নিৰঞ্জন দিহিঙীয়াই ।

নগাঁৱত যান-বাহন আৰক্ষীক চোচৰাই নিলে স্কুটি আৰোহীয়ে

লগতে পঢ়ক: জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি: দুজন জোৱান আহত

কিন্তু মুচাহিদ ৰফিকুল আহমেদ নামৰ স্কুটী চালক গৰাকীয়ে আৰক্ষী বিষয়াজনৰ নিৰ্দেশ আওকাণ কৰি আৰক্ষী বিষয়াজনক কিছু দূৰ চোঁচৰাই লৈ যায় । এই ঘটনাত যান-বাহন আৰক্ষীৰ বিষয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আৰক্ষী বিষয়াজনৰ সহকৰ্মী সকলে খেদি খেদি দুই স্কুটী আৰোহীক আটক কৰাৰ লগতে স্কুটীখন জব্দ কৰে ৷

নগাঁৱৰ ৰাজপথত যান-বাহন আইন অমান্যকাৰীয়ে সংঘটিত কৰা এই ঘটনাই নগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে । উল্লেখ যে, প্ৰায় ডেৰ মাহ ধৰি নগাঁৱৰ যান-বাহন আৰক্ষীয়ে হেলমেট পৰিধান নকৰা বাইক আৰোহীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে । হেলমেট পৰিধান নকৰা বাইক আৰোহীক ১০০০ টকাকৈ জৰিমনা বিহিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: দুপৰীয়া 12 বজাৰ পাচত কাম আৰম্ভ হোৱা এটা চৰকাৰী কাৰ্যালয় !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.