ETV Bharat / state

ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ নামত কোনে খাই কিমান কমিচন ?

author img

By

Published : May 12, 2022, 10:10 PM IST

এফালে চলিছে গুণোৎসৱ আনফালে ভাইৰেল হৈছে শিক্ষা বিভাগৰ দুৰ্নীতিৰ ভিডিঅ' ৷ ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মতো একাংশক লাগে কমিচন(School uniform scam in Nagaon) ৷ কোন কোন জড়িত ইউনিফৰ্মৰ কমিচনৰাজত ? চাওক সবিশেষ...

school-uniform-scam-in-nagaon
ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ নামত কোনে খাই কিমান কমিচন ?

নগাঁও, 12 মে' : শিক্ষাখণ্ডৰ সংস্কাৰৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে গুণোৎসৱৰ আয়োজন (Gunotsav Assam 2022)কৰাৰ সময়তে নগাঁৱত ভাইৰেল হৈছে শিক্ষা বিভাগত সংঘটিত হোৱা দুৰ্নীতিৰ গোপন ভিডিঅ' । ছাত্ৰ-ছাত্ৰীক চৰকাৰে যোগান ধৰা ইউনিফৰ্মৰ নামতো নগাঁৱত চলিছে কমিচনৰ এক বৃহৎ বজাৰ । ছাত্ৰ-ছাত্ৰীক চৰকাৰে যোগান ধৰা ইউনিফৰ্মো যেন এতিয়া একাংশৰ বাবে হৈ পৰিছে ধন ঘটাৰ অন্যতম সুবিধা ।

শেহতীয়াকৈ শিক্ষা বিভাগৰ এগৰাকী কৰ্মচাৰী আৰু ইউনিফৰ্মৰ ঠিকা বিচৰা আন এগৰাকী ঠিকাদাৰৰ মাজত হোৱা কমিচনৰ অংকৰ এটি গোপন ভিডিঅ' বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই তোলপাৰ লাগিছে নগাঁৱৰ শিক্ষা বিভাগত । নগাঁও জিলাৰ কামপুৰ কঁচুৱাৰ এগৰাকী কেন্দ্ৰীয় সম্পাদকে এখন দোকানত বহি ঠিকাদাৰৰ সৈতে কৰা আলোচনাৰ এটি গোপন ভিডিঅ'ত স্পষ্টকৈ উল্লেখ কৰা হৈছে ইউনিফৰ্মৰ কমিচনৰ ৰেইট (School uniform scam in Nagaon)।

সম্প্ৰতি নগাঁও জিলা প্ৰাথমিক শিক্ষা বিভাগৰ বিত্ত আৰু গাণনিক বিষয়া ৰাজু শৰ্মাৰ বিৰুদ্ধে উত্থাপন হৈছে জিলাখনৰ ইউনিফৰ্ম কমিচনৰ বজাৰ নিয়ন্ত্ৰণ কৰাৰ গুৰুতৰ অভিযোগ । ইফালে এই অভিযোগ উত্থাপিত হোৱাৰ পিছতেই গৰজি উঠিছে নগাঁৱৰ বিভিন্ন দল সংগঠন ।

ইপিনে, নগাঁও আৰু হোজাই জিলাত ইউনিফৰ্মৰ নামত সৰ্বশিক্ষাৰ বিত্ত আৰু গাণনিক বিষয়া ৰাজু শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হোৱা কমিচনৰাজৰ অভিযোগ সম্পূৰ্ণভাৱে নস্যাত কৰিছে বিষয়াগৰাকীয়ে ৷

উল্লেখযোগ্য যে, দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন দেখা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ সংস্কাৰৰ চিন্তা কৰাৰ বিপৰীতে দুৰ্নীতিত লিপ্ত হৈ পৰিছে শিক্ষা বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী । ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ নামতো দুৰ্নীতিত লিপ্ত হোৱা এইসকল বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়তহে হ'ব লক্ষণীয় ।

লগতে পঢ়ক : ৰাজ্যৰ ভিন্ন স্থানৰ যুৱক-যুৱতীয়ে আলফাত যোগদান সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.