ETV Bharat / state

সোমবাৰৰ পৰা পাঠদান আৰম্ভ হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠানত - ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়

২ নৱেম্বৰ অৰ্থাৎ সোমবাৰৰ পৰা শিক্ষা বিভাগে SOPৰ জৰিয়তে বিদ্যালয়সমূহ খুলিবলৈ পুনৰ নিৰ্দেশ প্ৰদান কৰাৰ লগে-লগে বিদ্যালয় সমূহ পৰিস্কাৰ তথা ছেনিটাইজাৰ কৰা কামত ব্যস্ত হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ।

SCHOOL OPENING PREPARATIONS AFTER COVID-19
সোমবাৰৰ পৰা খোল খাব ৰাজ্যৰ শিক্ষানুষ্ঠান
author img

By

Published : Nov 1, 2020, 8:19 PM IST

চামগুৰি,1নৱেম্বৰ : ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ভাল খবৰ ৷ কাৰণ দীঘলীয়া অন্তৰালৰ পিছত পুনৰ খুলিবলৈ লৈছে ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা ৰাজ্যৰ অধিকাংশ বিদ্যালয়। সমগ্ৰ বিশ্ব জুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ৰণা ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুযায়ী চলিত বছৰ মাৰ্চ মাহৰ পৰা বন্ধ হৈ পৰা বিদ্যালয় সমূহ ৷ ২ নৱেম্বৰ অৰ্থাৎ সোমবাৰৰ পৰা শিক্ষা বিভাগে SOPৰ জৰিয়তে বিদ্যালয় খুলিবলৈ পুনৰ নিৰ্দেশ প্ৰদান কৰাৰ লগে-লগে বিদ্যালয় সমূহ পৰিস্কাৰ তথা ছেনিটাইজাৰ কৰা কামত ব্যস্ত হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ।

সোমবাৰৰ পৰা খোল খাব ৰাজ্যৰ শিক্ষানুষ্ঠান

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ লগতে নগাঁৱৰ পুৰণিগুদামস্থিত ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো সোমাবাৰৰ পৰা পুনৰ পাঠদান আৰম্ভ কৰিব পৰাকৈ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক সকলৰ সুবিধাৰ্থে শ্ৰেণীকোঠা, বিদ্যালয়ৰ চৌপাশ পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ছেনিটাইজ কৰা পৰিলক্ষিত হৈছে দেওবাৰ দিনটোত । সোমাবাৰৰ পৰা বিদ্যালয় খনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে নিৰ্ধাৰিত সূচী অনুসৰি মাক্স আৰু ছেনিটাইজৰ ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি ক'ভিড পৰীক্ষাত নিগেটিভ ওলোৱা শিক্ষক-শিক্ষয়ত্ৰী সকলে প্ৰদান কৰা শিক্ষা আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব পাৰিব । তাৰ বাবেই বিদ্যালয় খনত ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা গ্ৰহণ কৰিব পৰাকৈ পূৰ্বৰ পৰিবেশটো ঘূৰাই আনিবলৈ বিদ্যালয় খন সম্পূৰ্ণৰূপে পৰিস্কাৰ আৰু সুৰক্ষিত কৰাৰ প্ৰস্তুতিত দেওবাৰে ব্যস্ত হৈ পৰিছে শিক্ষানুষ্ঠান খনৰ শিক্ষক-কৰ্তৃপক্ষ।


লগতে পঢ়কঃ 2021-ৰ নিৰ্বাচনত 103 খন আসন লাভ কৰিব বিজেপিয়ে : ৰঞ্জিত দাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.