ETV Bharat / state

নগাঁৱত প্ৰাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ ঘোষণা

author img

By

Published : Apr 19, 2021, 5:08 PM IST

নগাঁৱত দিনক-দিনে বৃদ্ধি পাইছে ক’ভিড 19 ত আক্ৰান্তৰ সংখ্যা । ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি নগাঁৱত বন্ধ ঘোষণা কৰা হৈছে প্ৰাথমিক বিদ্যালয়ৰ পাঠদান । শিলঘাটত অনুষ্ঠিত হ’বলগীয়া অশোক অষ্টমী মেলাৰ ক্ষেত্ৰতো জাৰি কৰিছে নিষেধাজ্ঞা । মাস্ক পৰিধানৰ ক্ষেত্ৰতো কঠোৰ হৈছে নগাঁও জিলা প্ৰশাসন ।

নগাঁৱত বন্ধ ঘোষণা প্ৰাথমিক বিদ্যালয়ৰ পাঠদান

নগাঁও,19 এপ্ৰিল: ক’ভিড ১৯ ৰ দ্বিতীয় ঢৌৱে এতিয়া শংকিত কৰি তুলিছে নগাঁৱবাসীক । নগাঁৱত দিনক দিনে বৃদ্ধি পাইছে ক’ভিড ১৯ ত আক্ৰান্তৰ সংখ্যা । জিলাখনত ক’ভিড ১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে অধিক সষ্টম হৈছে নগাঁও জিলা প্ৰশাসন ।

ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগৰ সৈতে সঘনাই বৈঠকত মিলিত হোৱাৰ লগতে পৰিস্থিতিৰ বুজ লৈছে জিলা উপায়ুক্ত কবিথা পদ্মনাভনে । লগতে সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে উপায়ুক্ত গৰাকীয়ে ।

নগাঁৱত প্ৰাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ ঘোষণা

উল্লেখ্য যে, নগাঁৱত দেওবাৰ পৰ্যন্ত ১৮০ জন লোক আক্ৰান্ত হৈছে ক’ভিড ১৯ ত । এশৰো অধিক লোক কৰ’ণাত আক্ৰান্ত হোৱাত জিলাৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান বন্ধৰ বাবে চৰকাৰে ইতিমধ্যে জাৰি কৰিছে এক নিৰ্দেশনা । এই নিৰ্দেশনৰ ভিত্তিতে নগাঁৱৰ সকলো চৰকাৰী, বেচৰকাৰী প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ৰ পাঠদান বন্ধ ঘোষণা কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷

নগাঁও জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি, প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠা অশোক অষ্টমীৰ মেলাও এইবাৰ অনুষ্ঠিত নহয় শিলঘাটত ৷ কেৱল ধৰ্মীয় ৰীতি-নীতিৰে পূজা অনুষ্ঠিত হ'ব শিলঘাটত ।

আনকি ক’ভিড ১৯ ৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক পৰিধানৰ ক্ষেত্ৰতো কঠোৰ হৈছে নগাঁও জিলা প্ৰশাসন । নগাঁও জিলাৰ যিকোনো ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব এহেজাৰ টকাৰ জৰিমনা ।

লগতে পঢ়ক: দেশত ৰেমডেচিবিৰ পৰ্যাপ্ত পৰিমাণে থকাৰ আশ্বাস অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.