ETV Bharat / state

Scam in Ranthali: অসমীয়া গহনাৰ কাৰিকৰৰ বাবে আৱণ্টিত ধন আত্মসাৎ - অসমীয়া গহনাৰ কাৰিকৰৰ বাবে আৱন্টিত ধন আত্মসাৎ

অসমীয়া গহনাৰ বাবে বিখ্যাত নগাঁৱৰ ৰণথলীৰ অসমীয়া গহনাৰ কাৰিকৰৰ সামগ্ৰী ক্ৰয়ৰ বাবে অনুসূচিত জাতি উন্নয়ণ পৰিষদৰ নামত আৱণ্টিত ধনৰ বিয়াগোম কেলেংকাৰী । চৰকাৰে আৱণ্টন দিয়া কেইবালাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে বিজেপি নেতাৰ বিৰুদ্ধে । ক্ষুব্ধ ব্যৱসায়ীসকল ।

Scam in SC Development Council funds
অসমীয়া গহনাৰ কাৰিকৰৰ বাবে আৱন্টিত ধন আত্মসাৎ
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 1:18 PM IST

অসমীয়া গহনাৰ কাৰিকৰৰ বাবে আৱণ্টিত ধন আত্মসাৎ

নগাঁও,৩ নৱেম্বৰ : অসমীয়া কেঁচা সোণৰ গহনাৰ বাবে বিখ্যাত নগাঁৱৰ ৰণথলী গাঁও । ৰণথলীৰ প্ৰায় প্ৰতি ঘৰে ঘৰেই আছে অসমীয়া গহণাৰ ক্ষুদ্ৰ উদ্যোগ । য'ত জড়িত হৈ আছে অধিকাংশই অনুসূচিত জাতিৰ লোক । অসমীয়া গহণাৰ এই উদ্যোগক গতিশীল কৰাৰ উদ্দেশ্যে অসমীয়া গহণাৰ কাৰিকৰসকলক অসম চৰকাৰে অনুসূচিত উন্নয়ণ পৰিষদৰ জৰিয়তে আবণ্টন দিয়া হৈছিল সামগ্ৰীৰ বাবে ধন । যাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছিল কাৰিকৰসকলে।

কিন্তু সামগ্ৰীৰ ধন নামত নগাঁৱৰ ৰণথলীত বৃহৎ দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । নগাঁৱৰ ৰণথলীত অসমীয়া গহণাৰ কাৰিকৰক চৰকাৰে আবণ্টন দিয়া সামগ্ৰীৰ ধনৰ নামত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে দুই এজন বিজেপি নেতাৰ বিৰুদ্ধে । সন্দেহৰ আৱৰ্তত সোমাই পৰিছে অনুসূচিত জাতি উন্নয়ণ পৰিষদৰ নেতাৰ ভূমিকাও । ২০২০-২১ আৰু ২০২১-২২ ত এই আঁচনিৰ নামত ৰণথলীৰ কাৰিকৰৰ নামত আৱণ্টিত ৩০ লাখ টকাৰ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় কাৰিকৰসকলে ।

উল্লেখযোগ্য যে নগাঁৱৰ বিকানেৰ জুৱেলাৰীৰ পৰা ৩০ লাখ টকাৰ অসমীয়া গহণাৰ সা-সৰঞ্জাম ২০২০-২১, ২০২১-২২ ত ক্ৰয় কৰা হৈছিল যদিও আজি পৰ্যন্ত থলুৱা কাৰিকৰসকলে এইসমূহ সা-সৰঞ্জাম লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে অনুসূচিত জাতি উন্নয়ণ পৰিষদৰ নেতাৰ লগতে দুই এজন বিজেপি নেতাৰ বিৰুদ্ধে । স্থানীয় লোকৰ মতে এইসমূহ সামগ্ৰী ক'লা বজাৰত অধিক দামত বিক্ৰী কৰি সমগ্ৰ ধন আত্মসাৎ কৰাৰো অভিযোগ উঠিছে । সেয়ে এই ক্ষেত্ৰত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন হৈছে ।

লগতে পঢ়ক : Jal Jeevan Mission: জল জীৱন মিছন আঁচনিৰ প্ৰকৃত স্বৰূপ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.