কলিয়াবৰ, ২২ মে': মহামাৰীৰ জটিল পৰিস্থিতিৰ মাজতে অসমৰ উল্লেখনীয় ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক প্ৰশংসনীয় পদক্ষেপ । এই জটিল সময়ত সকলো সজাগ হোৱা আৰু স্বাস্থ্য পালন কৰাই হৈছে মহামাৰীৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় ।
এই কথাৰ প্ৰতি লক্ষ্যৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ সহযোগত কলিয়াবৰ জিলা সেৱা বাহিনীয়ে সজাগতাৰ বাবে কলিয়াবৰৰ নলতলি অঞ্চলত মাস্ক আৰু ছেনিটাইজেশ্যনৰ কাৰ্যসূচী হাতত লয় । সেৱা বাহিনীৰ কৰ্ম-কৰ্তাসকলে নলতলি অঞ্চলৰ ব্যৱসায়ীসকলৰ লগতে গ্ৰাহকসকলক ক'ভিড বিধি মানিবলৈ সজাগ কৰাৰ লগতে দোকান-পোহাৰ আৰু নলতলিত ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰে ।
লগতে পঢ়ক:বিভাগৰ অৱহেলা, ৰাইজে নিজে মেৰামতি কৰিলে বানে ধ্বংস কৰা পথ