ETV Bharat / state

নগাঁৱত তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গুদাম ছীল বিক্ৰী কৰ বিভাগৰ - নগাঁৱত তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গুদাম ছীল বিক্ৰী কৰ বিভাগৰ

নগাঁৱত অব্যাহত বিক্ৰী কৰ বিভাগৰ অভিযান । নিশা ছীল কৰিলে তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গুদাম(Sales tax department seals several business establishment) । GST ফাঁকি দিয়াৰ উদ্দেশ্যে ভুৱা ভাউচাৰেৰে সামগ্ৰী বিক্ৰীৰ অভিযোগ । একাংশ ব্যৱসায়ীৰ মাজত হাহাকাৰ ।

sale tax depertments raid in nagaon
নগাঁৱত তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গুদাম ছীল বিক্ৰী কৰ বিভাগৰ
author img

By

Published : Mar 23, 2022, 3:15 PM IST

নগাঁও, ২৩ মাৰ্চ: মঙলবাৰৰ পৰা GST ফাঁকি দিয়া ব্যৱসায়ীৰ বিৰুদ্ধে নগাঁৱত অভিযান অব্যাহত ৰাখিছে বিক্ৰীকৰ বিভাগৰ এটা দলে । গুৱাহাটীৰ পৰা মঙলবাৰে নগাঁৱত উপস্থিত হোৱা বিক্ৰীকৰ বিভাগৰ দলটোৱে নগাঁৱৰ হোটেল পিয়ুছ ৰিজেঞ্চিত বাহৰ পাতি মঙলবাৰৰ পৰাই একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ।

একাংশ ব্যৱসায়ীৰ GST ৰ নথি পৰীক্ষণৰ উদ্দেশ্যে সামগ্ৰী বিক্ৰীৰ সমূহ তথ্য বিচাৰি ব্যৱসায়ীসকলক তলব কৰিছিল বিক্ৰীকৰ বিভাগৰ দলটোৱে(Allegation of Cheating GST) । নগাঁও চহৰৰ হয়বৰগাঁৱৰ আগৰৱালা হাৰ্ডৱেৰ, সিদ্ধি বিনায়ক ষ্টীল আৰু শ্ৰী শ্যাম হাৰ্ডৱেৰৰ বিৰুদ্ধে বিক্ৰীকৰ বিভাগৰ দলটোৱে লাভ কৰা এটা অভিযোগৰ ভিত্তিত ব্যৱসায়িক প্ৰতিষ্ঠানকেইটাৰো তথ্য বিচাৰি মঙলবাৰে সন্ধিয়াই কৰিছিল তলব ।

নগাঁৱত তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গুদাম ছীল বিক্ৰী কৰ বিভাগৰ

নিশালৈকে কিছু তথ্য পৰীক্ষা কৰাৰ অন্তত ব্যৱসায়িক প্ৰতিষ্ঠান ক্ৰমে আগৰৱালা হাৰ্ডৱেৰ, সিদ্ধি বিনায়ক ষ্টীল আৰু শ্ৰী শ্যাম হাৰ্ডৱেৰৰ গুদাম ছীল কৰে বিক্ৰিকৰ বিভাগৰ দলটোৱে । এই তিনি ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে ভুৱা ভাউচৰেৰে (Invoice) সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল । অৱশেষত বিক্ৰীকৰ বিভাগৰ দলটোৱে এই তিনি ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনিয়ম ধৰা পেলাবলৈ সক্ষম হয় । ইয়াৰ পিছতে নিশাই ছীল কৰিলে এই তিনিখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷

নগাঁৱৰ হোটেল পিয়ুছ ৰিজেঞ্চিত বাহৰ পাতি থকা গুৱাহাটীৰ বিক্ৰীকৰ বিভাগৰ দলটোৱে আন বহু ব্যৱসায়ীকো হোটেল পিয়ুছ ৰিজেঞ্চিলৈ তলব কৰা বুলি জানিব পৰা গৈছে । বিক্ৰিকৰ বিভাগৰ দলটোৱে দ্বিতীয় দিনাও অভিযান অব্যাহত ৰখাৰ খবৰে এতিয়া হাঁহাকাৰ লগাইছে আন একাংশ ব্যৱসায়ীৰ মাজত । নগাঁও চহৰৰ হয়বৰগাঁৱতেই বহু ব্যৱসায়ীক প্ৰতিষ্ঠানে GST ফাঁকিৰে ব্যৱসায় চলাই অহাৰো অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক: নথি-পত্ৰ নবীকৰণ নকৰা বাহনৰ বিৰুদ্ধে নিৰন্তৰ অভিযান পৰিবহণ বিভাগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.