নগাঁও,12 মে': কৰ্মদক্ষতাৰে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ বুধবাৰে উপস্থিত হয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত । সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো ক’ভিড-19 য়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰাৰ সময়ত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ক’ভিড আক্ৰান্তৰ চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ অভিযোগ উত্থাপন হোৱাৰ লগে লগেই চিকিৎসালয়ত উপস্থিত হৈ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয় বিধায়ক ৰূপক শৰ্মা ।
ক’ভিড আক্ৰান্ত লোকক পৰ্যাপ্ত চিকিৎসা প্ৰদানৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে নগাঁও জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে বিধায়ক গৰাকীয়ে । লগতে ক’ভিড-19 ক লৈ আতংকিত নহৈ সকলোকে সজাগ আৰু সতৰ্ক হৈ থকাৰ লগতে স্বাস্থ্য বিভাগৰ নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনাই বিধায়ক ৰূপক শৰ্মাই ।
লগতে পঢ়ক: বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ