ETV Bharat / state

যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল ৰূপহীহাট - শূণ্যলৈ গুলীচালনা

নগাঁৱৰ ৰূপহীহাটত উত্তপ্ত পৰিস্থিতি। যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি লৈ ৰূপহীহাট আৰক্ষী থানা ঘেৰাও কৰিলে শতাধিক লোকে । আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা একাংশ লোকৰ বাবে শূণ্যলৈ গুলীচালনা কৰিবলগীয়া আৰক্ষীয়ে ৷

Rupahihat erupts over youth's death
ruphahihatযুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল ৰূপহীহাট
author img

By

Published : Jun 9, 2021, 9:22 PM IST

Updated : Jun 9, 2021, 10:10 PM IST

নগাঁও,9 জুন: এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বুধবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱৰ ৰূপহীহাটত। সান্ধ্য আইনৰ মাজতে কেইজনমান যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰূপহীহাট আৰক্ষীৰ বিৰুদ্ধে। যুৱক কেইজনে ক্ৰিকেট খেলি থকাৰ সময়তে আৰক্ষী জঁপিয়াই পৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । আৰক্ষীৰ প্ৰহাৰ সহ্য কৰিব নোৱাৰি যুৱকৰ দলটোৱে এখন বিলত জাপ দিছিল । সেইসময়তে ছোহাইব আখতাৰ নামৰ যুৱকজনৰ মৃত্যু হয়।

যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল ৰূপহীহাট

যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই অঞ্চলটোত সৃষ্টি হয় ব্যাপক উত্তেজনাৰ । উত্তেজিত শতাধিক লোকে ৰূপহীহাট আৰক্ষী থানা ঘেৰাও কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে। উত্তেজিত লোকে আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাৰ ফলত এগৰাকী আৰক্ষী বিষয়া গুৰুতৰভাৱে আহত হোৱাৰ লগতে তিনিখনকৈ আৰক্ষীৰ বাহন হয় ক্ষতিগ্ৰস্ত । অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰিবলগীয়া হয় ।

লগতে পঢ়ক: এক গুলিত তিনি চিকাৰ শোণিতপুৰ আৰক্ষীৰ

Last Updated : Jun 9, 2021, 10:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.