ETV Bharat / state

প্ৰসংগ মাতৃভাষাঃ প্ৰাক্তন বিধায়কৰ বিতৰ্কিত মন্তব্যত প্ৰতিক্ৰিয়া অব্যাহত - আৰৱী ভাষা

বাংলা মোৰ মাতৃভাষা ৷ এই মন্তব্য ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ ৷ প্ৰতিক্ৰিয়া অব্যাহত ৷

Ruophihat Constituency Former MLA  Reaction On Assamese Language
প্ৰসংগ মাতৃভাষাঃ প্ৰাক্তন বিধায়কৰ বিতৰ্কিত মন্তব্য প্ৰতিক্ৰিয়া অব্যাহত
author img

By

Published : Oct 17, 2020, 10:45 PM IST

নগাঁও, 17 অক্টোবৰ : বিজেপিত যোগদান কৰিয়েই বিতৰ্কত সোমাই পৰিছে ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজেসম্বৰ্ধনা সভাত বাংলা ভাষাক নিজৰ মাতৃভাষা হিচাপে মুকলিকে ঘোষণা কৰি বিতৰ্কত সোমাই পৰিছে বিধায়ক গৰাকীয়ে ৷

তথ্য অনুসৰি, ৰাজ্যসভা নিৰ্বাচনত দলীয় নীতি অমান্য কৰি অগপৰ পৰা বহিস্কাৰ হৈ শেহতীয়াকৈ বিজেপিৰ শৰণাপন্ন হোৱা আব্দুল আজিজে ৰূপহীহাট জীউমাৰীত শুকুৰবাৰে অনুষ্ঠিত এক সম্বৰ্ধনা সভাত বাংলাত ভাষণ প্ৰদান কৰি বাংলা ভাষা মাতৃভাষা বুলি মন্তব্য প্ৰদান কৰিছে ৷

ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ মন্তব্য

ইফালে, সভাৰ অন্তত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে জনাই যে, বাংলা মোৰ মাতৃভাষা । ইয়াৰ বাবে সমস্যাৰ সৃষ্টি হলে মই নিজেই মুখামুখি হ'ম বুলি মন্তব্য প্ৰদান কৰিলে নেতা গৰাকীয়ে ৷

উল্লেখ্য যে, শেহতীয়াকৈ ধুবুৰীৰ সাংসদ বদৰউদ্দিন আজমলে এখন সভাত আৰৱী ভাষাৰ বেনাৰক লৈ ৰাজ্যত বিতৰ্কৰ সূত্ৰপাত হোৱাৰ সময়তে প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ এনে মন্তব্যই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক : পিতৃ বিজেপি,মাতৃ কংগ্ৰেছ,পুত্ৰই ঠেং দাঙিছে অগপলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.