ETV Bharat / state

মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে ৰকিবুল হুছেইনৰ বিস্ফোৰক মন্তব্য - Rockybul Hussain press meet

নাম উল্লেখ নকৰাকৈয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি ল'লে চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে ৷ নগাঁৱত বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

ৰকিবুল হুছেইনৰ বিস্ফোৰক মন্তব্য
ৰকিবুল হুছেইনৰ বিস্ফোৰক মন্তব্য
author img

By

Published : Oct 29, 2020, 6:22 PM IST

নগাঁও, 29 অক্টোবৰ: নগাঁৱত বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি চৰকাৰ বিৰোধী কেইবাটাও মন্তব্য কৰে, প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন ৷ পোনপটীয়াকৈ নাম উল্লেখ নকৰাকৈয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি ল'লে বিধায়ক গৰাকীয়ে ৷ হিমন্ত বিশ্ব শৰ্মাক এজন ভাল ৰাজনৈতিক বতৰ বিজ্ঞানী আখ্যা ৰকিবুল হুছেইনৰ ৷

মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে ৰকিবুল হুছেইনৰ বিস্ফোৰক মন্তব্য

আগন্তক নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ উমান পাই কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতৃত্বৰে বৈঠকত মিলিত হোৱাৰ খবৰ দিল্লীত প্ৰচাৰ হোৱা বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰী শৰ্মাই কেৱল বিহাৰ নিৰ্বাচন আৰু মধ্য প্ৰদেশৰ উপ নিৰ্বাচনলৈ বাট চাইছে, হয়তো ইয়াৰ পূৰ্বেও তেওঁ বিস্ফোৰণ ঘটাব পাৰে বুলি উল্লেখ কৰি, দুই এজন বিধায়কক জয়ী কৰাই হিমন্তই কংগ্ৰেছত যোগদানৰ পথ প্ৰশস্ত কৰাৰ কথাও দিল্লীত চৰ্চা চলা বুলি মন্তব্য ৰকিবুল হুছেইনে ৷ লগতে নিজৰ উজনি ভ্ৰমণৰ বিষয়েও উল্লেখ কৰে চামগুৰিৰ বিধায়ক গৰাকীয়ে ৷ কোনো জাতীয় পৰিষদৰ নেতাৰ সৈতে বৈঠক কৰা নাই বুলি কৈ কংগ্ৰেছৰ দলীয় ভেটি শক্তিশালী কৰাৰ বাবেহে তেওঁ উজনিলৈ যোৱা বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: হাবুঙক পৰ্যটনক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.