ETV Bharat / state

ৰকিবুল হুছেইনো হ'ব লাগিব নেকি হোম কোৱাৰেণ্টাইন !

author img

By

Published : Jul 3, 2020, 7:58 PM IST

বটদ্ৰৱাৰ কণ্টেইমেণ্ট জ'নত আবদ্ধ হৈ হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিয়ে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক পিন্ধালে গামোচা । ইতিমধ্যে ৰকিবুল হুছেইনৰ এই কাণ্ডৰ পাছত সমগ্ৰ নগাঁও জিলাতে হৈছে প্ৰতিক্ৰিয়াৰ।

ROCKYBUL BATADRAVA VISIT CONTROVERSY
ৰকিবুল হুছেইনো হ'ব লাগিব নেকি হোম কোৱাৰেণ্টাইন !

বটদ্ৰৱা,৩ জুলাই : বটদ্ৰৱাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কণ্টেইনমেণ্ট জ'নত বিতৰণ কৰিলে খাদ্য সামগ্ৰী । লগতে কণ্টেইনমেণ্ট জ'নত হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিৰ পৰা গামোচা পিন্ধিলে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ।

যি সময়ত ক'ৰণাৰ সামাজিক সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ বান্ধি দিয়া নিৰ্দেশনক লৈ সকলো অধিক সচেতন হোৱা পৰিলক্ষিত হৈছে, তেনে সময়ত এগৰাকী জন প্ৰতিনিধিয়ে চৰকাৰৰ এই নীতি নিৰ্দেশনাক ভেঙুচালি কৰি বটদ্ৰৱাৰ বৰহিছা গাঁৱৰ কণ্টেইনমেণ্ট জ'নৰ ভিতৰত আবদ্ধ হোম কোৱাৰেণ্টাইনত থকা লোকসকলক খাদ্য সামগ্রী বিতৰণৰ লগতে তেওঁলোকৰ পৰা গামোচা পিন্ধাক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

উল্লেখ্য যে বৃহস্পতিবাৰে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে বটদ্ৰৱাত কনটেইনমেন্ট জ'নত থকা লোকসকৰ খবৰ ল'বলৈ অহাৰ এদিন পাছতে শুক্ৰবাৰে নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈও উপস্থিত হয়হি বটদ্ৰৱা থানত । সাংসদ প্ৰদ্যুত বৰদলৈ বটদ্ৰৱা ভ্ৰমণৰ ক্ষন্তেক পাছতেই অৰ্থাৎ একেদিনাই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন পুনৰ সদল বলে উপস্থিত হয়হি বটদ্ৰৱাত ।

এইবাৰ প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে বৰহিছা গাঁৱৰ কণ্টেইনমেণ্ট জ'নৰ হোম কোৱাৰেণ্টাইনত থকা লোকৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্রী ।কংগ্ৰেছৰ এই দুই প্ৰতাপী নেতাৰ বটদ্ৰৱা ভ্ৰমণৰ এই নাটকখনৰ জৰিয়তে দুয়োৰে মাজত যে এখন শীতল যুদ্ধ চলি আছে সেয়া পুনৰ এবাৰ স্পষ্ট হ'ল।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.