নগাঁও, 23 ফেব্ৰুৱাৰী : অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও যেন অপৰাধমুক্ত নহয় নগাঁও চহৰ ৷ নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে এইবাৰ বুধবাৰে পুৱতি নিশা নগাঁৱৰ উত্তৰ হয়বৰগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড(Robbery case at Nagaon) ।
মাধৱদেৱ পথৰ মনোজ বথ্ৰা নামৰ এজন ব্যৱসায়ীৰ বাসগৃহত নিশা ডকাইতে চলালে চাফাই অভিযান ৷ জানিব পৰা মতে, এটি আঠজনীয়া ডকাইতৰ দলে মঙলবাৰে নিশা ঘৰৰ দুৱাৰ ভাঙি ব্যৱসায়ীজনৰ ঘৰত প্ৰৱেশ কৰি লুটপাত চলায় । চোকা অস্ত্ৰলৈ অহা ডকাইতৰ দলটোয়ে ব্যৱসায়ীজনক ৰচিৰে বান্ধি মাৰপিট কৰাৰ লগতে ব্যৱসায়ীগৰাকীক আক্ৰমণ কৰি তেওঁৰ বাসগৃহৰ পৰা কেইবা লক্ষাধিক টকা আৰু সোনৰ আ-অলংকাৰ লুটি কৰি নিয়ে ৷
নগাঁও চহৰৰ মাজমজিয়াৰ জনবহুল উত্তৰ হয়বৰগাঁৱত সংঘটিত ডকাইতি কাণ্ডই সম্প্ৰতি অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনা সন্দৰ্ভত পুৱাই নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত নিয়োজিত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ।
লগতে পঢ়ক : Robbery in Guwahati: মহানগৰীত দিন ডকাইতে লুটিলে নগদ ধন