নগাঁও, 17 ফেব্ৰুৱাৰী: অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই নেতৃত্ব দিয়া নগাঁও আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান । বিগত কেইদিনত নগাঁও আৰক্ষীয়ে ড্ৰাগছ, নাৰী দেহ ব্যৱসায়কে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে অভিযান চলাই বহুকেইটা সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বৃহস্পতিবাৰে নগাঁও আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত লাভ কৰিবলৈ সক্ষম হয় সফলতা ।
নগাঁৱৰ জুৰীয়াৰ কদমণি পথাৰৰ পৰা প্ৰথমে এটা কুখ্যাত ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয় নগাঁৱৰ জুৰীয়া আৰক্ষীয়ে । জুৰীয়া আৰক্ষীৰ এটা দলে কদমণি পথাৰ গাঁৱত চলোৱা অভিযানত আব্দুল ফাৰুক নামৰ ড্ৰাগছ মাফিয়াটোক আটক কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ত জড়িত ফাৰুকৰ পৰা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় । একে সময়তে নগাঁৱৰ ইটাচালি আৰক্ষীয়ে চামগুৰিত অভিযান চলাই চল্লিশটাকৈ চুৰি মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
বৃহস্পতিবাৰেই নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়েও অভিযান চলাই চাৰিটাকৈ কুখ্যাত ডকাইতকো আটক কৰিবলৈ সক্ষম হয় (Robbers arrested by Nagaon police)। ধৃত ডকাইতকেইটা হৈছে ৰূপহীহাটৰ পূব ছাইদৰীয়াৰ মুক্তাৰ হুছেইন, জিয়াবুৰ ৰহমান, সেইখ ফৰিদ আৰু কাঞ্চনপুৰৰ চৰিফুল ইছলাম । ধৃত ডকাইতকেইটাৰ বিৰুদ্ধে নগাঁৱৰ ৰূপহীহাট আৰক্ষী থানাত ৩৫/২২ নম্বৰত ৰুজু হৈ আছিল এটা গোচৰ । এই গোচৰৰ ভিত্তিতেই বৃহস্পতিবাৰে ৰূপহীহাট আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এক অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ডকাইতকেইটাক ।
উল্লেখ্য যে, বিগত কেইদিনত অপৰাধীৰ বিৰুদ্ধে বিগত কিছুদিন ধৰি পূৰ্বতকৈও যেন তীব্ৰতৰ কৰি তুলিছে অপৰাধীৰ বিৰুদ্ধে অভিযান ।
লগতে পঢ়ক: Crime scenes in Sonitpur: শোণিতপুৰত হ্ৰাস পাইছে অপৰাধজনিত ঘটনাৰ সংখ্যা