ETV Bharat / state

কলিয়াবৰত মাছ ধৰা পৰ্বক লৈ পথ অৱৰোধ - প্ৰতিবাদ

কলিয়াবৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ একাংশ স্থানীয় ৰাইজৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত মাছ ধৰিবলৈ যোৱা লোকক কৰ্তৃপক্ষই বাধা দিয়াৰ বাবে ৰাজপথত প্ৰতিবাদ সাব্যস্ত স্থানীয় লোকসকলৰ ৷

road-blocked
কলিয়াবৰত পথ অৱৰোধ
author img

By

Published : Apr 13, 2021, 1:51 PM IST

Updated : Apr 13, 2021, 5:28 PM IST

কলিয়াবৰ,13 এপ্ৰিল : কলিয়াবৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী দেওচুৰত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ স্থানীয় লোকে ৷ প্ৰতি বছৰেৰ দৰে এইবাৰো ৰঙালী বিহু উপলক্ষে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত মাছ ধৰিবলৈ যোৱা লোকক কৰ্তৃপক্ষই বাধা দিয়াৰ ফলত স্থানীয় লোকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ।

কলিয়াবৰত পথ অৱৰোধ

ইয়াৰ ফলস্বৰূপে উত্তেজিত ৰাইজৰ প্ৰতিবাদত স্তব্ধ হৈ পৰে ৰাষ্ট্ৰীয় পথৰ যাতায়াত । জখলাবন্ধা আৰক্ষী নিৱেশৰ আৰক্ষীৰ সহযোগত বন বিভাগ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানো পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : আমগুৰিৰ বিহু বজাৰত ব্যাপক ভিৰ

Last Updated : Apr 13, 2021, 5:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.