ETV Bharat / state

নলবাৰীত পথ সুৰক্ষা মাহ পালন - ১৮ জানুবাৰীৰ পৰা ১৭ ফ্ৰেব্ৰুবাৰীলৈ মাহজোৰা কাৰ্যসূচীৰে পথ সুৰক্ষা মাহ পালনে

নলবাৰীত জিলা পৰিবহন বিষয়াৰ হেলমেট নিপিন্ধিা আৰু চিট বেল্ট নলগোৱা পথ আৰোহীক গোলাপ ফুল বিতৰণ । ১৮ জানুবাৰীৰ পৰা ১৭ ফ্ৰেব্ৰুবাৰীলৈ মাহজোৰা কাৰ্যসূচীৰে পথ সুৰক্ষা মাহ পালনেৰে যানবাহন আইন মানি চলিবলৈ পদক্ষেপ হাতত লয় ।

নলবাৰীত পথ সুৰক্ষা মাহ পালন
নলবাৰীত পথ সুৰক্ষা মাহ পালন
author img

By

Published : Jan 20, 2021, 2:01 PM IST

নলবাৰী, ২০ জানুৱাৰী: ভাৰত চৰকাৰে জেশজুৰি কঠোৰ যানবাহন আইন কাৰ্যকৰী কৰাৰ পাচতো নলবাৰীত এই আইন মানি নচলে একাংশ বাইক চালক আৰু চাৰিচকীয়া বাহনৰ চালকে । একাংশ লোকে এইদৰে আইন নামানি যানবাহন আইনখনক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি আহিছে । ফলত নিতৌ সংঘটিত হৈ আহিছে দুৰ্ঘটনা । সেয়েহে হেলমেট নিপিন্ধা বাইকাৰ্ছ অথবা বাইক আৰোহীসকলক আৰু গধুৰ যান বাহন চলোৱা চাৰিচকীয়া বাহনৰ চালকসকলে চিট বেল্ট নলগোৱাৰ বাবে নলবাৰী জিলা পৰিৱহন বিভাগে মাহজোৰা কাৰ্যসূচীৰে হাতত লৈছে পথ সুৰক্ষা মাহ পালন কাৰ্যসূচী ।

নলবাৰীত পথ সুৰক্ষা মাহ পালন
নলবাৰীত পথ সুৰক্ষা মাহ পালন

বুধবাৰে নলবাৰী জিলা পৰিবহন বিভাগে নলবাৰী জিলাৰ কেইবাটাও স্থানত হেলমেট নিপিন্ধিা বাইক আৰোহী আৰু চাৰিচকীয়া গধুৰ যান বাহন চলোৱা লোকক চিট বেল্ট নলগোৱা আৰোহীক পথ সুৰক্ষা মাহ উপলক্ষে জিলা পৰিবহন বিষয়া সীমান্ত বৰাই একোটাকৈ গোলাপ ফুল বিতৰণ কৰি হেলমেট অথবা চিট বেল্ট লগোৱাৰ বাবে অনুৰোধ জনাই । সকলোৱে যাতে নিয়মসমূহ মানি চলি তেওঁলোকৰ এই কাৰ্যক সহযোগ আগবঢ়ায় তাৰবাবে অনুৰোধ কৰে বিষয়াগৰাকীয়ে ।

উল্লেখযোগ্য যে ১৮ জানুবাৰীৰ পৰা ১৭ ফ্ৰেব্ৰুবাৰীলৈ চলিব এই পথ সুৰক্ষা মাহ পালন ।

লগতে পঢ়ক:বিহুৰ পূৰ্বেই অসমত বিধানসভাৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.