ৰহা, 24 জুলাই: নগাঁও জিলাৰ ৰহা নতুন চাৰিআলিৰ সমীপত ফ'ৰলেন হাইৱেৰ ওপৰত আজি পুৱা সংঘটিত হয় পথ দুৰ্ঘটনা (Road Accident in Raha) । ট্ৰেভেলাৰ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হয় প্ৰায় দহজনকৈ যাত্ৰী (Traveller and Truck collapsed)৷
নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী গৈ থকা ট্ৰেভেলাৰৰ সৈতে বিপৰীত দিশৰ পৰা অহা মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ট্ৰেভেলাৰখনৰ চালক জনৰ লগতে আন চাৰিজন ব্যক্তি গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় । দুৰ্ঘটনাত পতিত ট্ৰেভেলাৰৰ নম্বৰ হৈছে AS 01 HC 3783 আনহাতে মালবাহী ট্ৰাকখনৰ নম্বৰ হৈছে NL 02 K 3695 ৷
উল্লেখ্য যে, দুৰ্ঘটনাটোত ট্ৰেভেলাৰ চালকজন বহু সময় বাহনৰ চেপত আৱদ্ধ হৈ থাকে ৷ অৱশেষত ক্ৰেণৰ সহায়ত উদ্ধাৰ কৰা হয় চালকজনক । লগতে ট্ৰেভেলাৰত থকা অন্য ছয়জনকৈ যাত্ৰী কম বেছি পৰিমাণে আহত হয় । আহত আটাইকে ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক: Road accident in Sivasagar: গেলেকীত পথ দুৰ্ঘটনাত নিহত এজন