কলিয়াবৰ/মৰাণ, 26 ফেব্ৰুৱাৰী: শনিবাৰে নিশা ৰাজ্য়ৰ সংঘটিত পৃথক স্থানত সংঘটিত পথ দুৰ্ঘটনাত এগৰাকী লোকৰ মৃত্য়ু হোৱাৰ লগতে কমেও পাঁচগৰাকী আহত হয় । ইয়াৰে প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় নগাঁও জিলাৰ কলিয়াবৰত (Road accident at Kaliabor) । আনহাতে, আনটো দুৰ্ঘটনা ডিব্ৰুগড় জিলাৰ মৰাণত সংঘটিত হৈছে ( Road accident in Moran)।
নগাঁও জিলাৰ কলিয়াবৰৰ জখলবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত ৰাঙলুৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় প্ৰথমটো পথ দুৰ্ঘটনাটো । বিপৰীত দিশৰ পৰা অহা ট্ৰাকৰ খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ' পথাৰলৈ নামি যায় নৈশ বাছখন । AR 01N 8299 নম্বৰৰ ৰুদ্ৰাক্ষ নৈশ বাছখন গুৱাহাটীৰ পৰা জাগুন গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা UP 83 BT 3855 নম্বৰৰ 14 চকীয়া এখন ট্ৰাকে খুন্দা মৰাৰ ফলতেই সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো ।
উল্লেখ্য যে ট্ৰাকখনৰ ভুলৰ বাবে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । নিহত লোকগৰাকী দেৰগাঁৱৰ ভকতগাঁৱৰ জিন্টু বৰা (৩০)। দুৰ্ঘটনাত নিহত লোকগৰাকীক জ্যেষ্ঠ ভ্ৰাতৃয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা চিকিৎসা কৰি সুস্থ কৰি অনাৰ পিছতেই ঘৰলৈ ওভতাৰ সময়তে দুৰ্ভাগ্যজনকভাৱে প্ৰাণ হেৰুৱালে । দুৰ্ঘটনাটোৰ ফলত কোনোমতে প্ৰাণৰক্ষা পৰে আন 27গৰাকী যাত্ৰীৰ । পিছত আহত যাত্ৰীসকলক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে জখলাবন্ধা আৰক্ষীয়ে ।
ইপিনে, যোৱা নিশা ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ সন্মুখতেই সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা । মৰাণ আৰক্ষী থানাৰ সন্মুখত ট্ৰাক আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ হয় । এই দুৰ্ঘটনাটোত 5 গৰাকী লোক গুৰুতৰভাৱে আহত । 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণ আৰক্ষী থানাৰ সন্মুখতে NL04D697 নম্বৰৰ ডাম্পাৰখনৰ WB11E3411নম্বৰৰ ট্ৰাকখনৰ সৈতে সংঘৰ্ষ হয় । ইয়াৰ পিছতেই গুৰুতৰভাৱে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে ।
দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও দুৰ্ঘটনাত পতিত হোৱা দুইখন বাহনেই যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হয় । সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে মুখামুখি সংঘৰ্ষৰ পাছতেই মালবাহী ট্ৰাকখন বাগৰি পৰে । জানিব পৰা মতে, ডাম্পাৰখনৰ চালক লোহিত শইকীয়াৰ অৱস্থা অতি সংকটজনক । উন্নত চিকিৎসাৰ বাবে নিশাই অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক:MLA misbehaves people: উন্নয়নৰ নাম শুনিলেই বিধায়ক পুঁজিৰ অজুহাত দেৰগাঁও সমষ্টিৰ দুবাৰৰ অগপ বিধায়কৰ