নগাঁও, 16 ছেপ্টেম্বৰ : নগাঁও চহৰৰ ধিং গেইটৰ উৰনীয়া সেঁতুৰ তলত বৃহস্পতিবাৰে সন্ধিয়া এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত চাইকেল আৰোহী এজন কিশোৰৰ থিতাতে নিহত হয় ৷ ইয়াৰ লগতে আন এজন গুৰুতৰ ভাৱে আহত হয় ।
জানিব পৰা মতে, চাইকেলত আৰোহী দুজনক বিপৰীত দিশৰ পৰা আহি থকা AS-09AC-7736 নম্বৰৰ এখন ট্ৰাকে খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচতে ধিং গেইটৰ উৰনীয়া সেঁতুৰ তলত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ উত্তেজিত ৰাইজে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক প্ৰহাৰ কৰে বুলি কৰে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: বিশ্বকৰ্মা পূজাৰ উপলক্ষে মৰাণৰ বজাৰত ৰাইজৰ ভিৰ
পিচত ঘটনাস্থলীত যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহত লোকজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যায় ।
দুৰ্ঘটনাটোত নিহত চাইকেল আৰোহী কিশোৰ জনৰ নাম মুন দাস বুলি জানিব পৰা গৈছে । কিশোৰ জনৰ বয়স ১৩ বছৰ । আহত আন জন লোকৰ নাম তুষাৰ স্বাহা । বৰ্তমান আহত লোকজনৰ অৱস্থা জটিল হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক: ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা তিনি যুৱকৰ মৃতদেহ উদ্ধাৰ