ETV Bharat / state

নগাঁও জিলাৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা - AS 02 Z2307 নম্বৰৰ বাইক

ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ গুৰুতৰ ভাবে আহত দুজন যুৱকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ বৰ্তমানলৈকে চিনাক্ত হোৱা নাই যুৱক দুজনৰ পৰিচয় ৷

road-accident-at-samoguri
নগাঁও জিলাৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Nov 20, 2020, 8:12 AM IST

Updated : Nov 20, 2020, 9:46 AM IST

চামুগুৰি, 20 নৱেম্বৰ: নগাঁও জিলাৰ আমনিত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ পথ দুর্ঘটনা ৷ আমনিৰ নিৰ্মাণৰত চাৰিলেনযুক্ত ঘাইপথত সংঘটিত হয় এই দুর্ঘটনাটো ৷ দুঘটনাত আহত হৈছে দুজনকৈ যুৱক ৷ AS 02 Z2307 নম্বৰৰ বাইকখনে নিৰ্মাণৰত পথৰ বিধস্ত ৰূপৰ বাবে নিয়ন্ত্ৰণ হেৰুওৱাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ ৷ পাছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ গুৰুতৰভাবে আহত দুয়োজন যুৱকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ বৰ্তমানলৈকে চিনাক্ত হোৱা নাই যুৱক দুজনৰ পৰিচয় ৷

road-accident-at-samoguri
নগাঁও জিলাৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা

উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত হোৱাৰ ক্ষন্তেক পাছতেই একেটা স্থানতে এখন এল্ট' গাড়ী কথমপি ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ৷ ৰাইজৰ অভিযোগ, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী কোম্পানী "চিমপ্লেক্সে "ৰাস্তাত যধে-মধে শিল-বালিৰ দ'ম ৰাখি কোনো সাংকেতিক চিহ্ন নিদিয়াকৈ পথৰ কাম কৰাৰ ফলত সংঘটিত হৈছে ইটোৰ পাছত সিটো দুৰ্ঘটনা ৷ এই সম্পৰ্কত কোম্পানী অথবা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ মৰিগাঁৱত নকল টকা বনোৱা মেচিনসহ গ্ৰেপ্তাৰ পাঁচ

Last Updated : Nov 20, 2020, 9:46 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.