ETV Bharat / state

জাগীৰোডৰ পলাহগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা - Road accident

জাগিৰোডত দুৰ্ঘটনাত পতিত নৈশ বাছ ৷ বাছখনত থকা প্ৰায় 35 গৰাকী যাত্ৰীৰ প্ৰায় 15 গৰাকী যাত্ৰীৰ অৱস্থা সংকটজনক ৷

জাগীৰোডৰ পলাহগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Feb 18, 2020, 9:41 AM IST

ৰহা, 18 ফেব্ৰুৱাৰীঃ জাগীৰোডৰ পলাহগুৰিত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে বাগৰি পৰে এখন নৈশ বাছ ৷ গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখে গৈ আছিল AS-01HC-8966 নম্বৰৰ নৈশ বাছখন ৷ বাছখনত আছিল প্ৰায় 35 গৰাকী যাত্ৰী ৷ ইয়াৰে গুৰুতৰভাৱে আহত প্ৰায় 15 গৰাকী যাত্ৰীৰে অৱস্থা সংকটজনক ৷ আটাইকেইজনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ হাস্পতাললৈ প্ৰেৰণ ৷

দুৰ্ঘটনাতপতিত নৈশ বাছ

ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা ৷ অভিযোগ অনুসৰি চালকে মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বৰ্তমানলৈকে কোনো লোকৰ মৃত্যুৰ খবৰ লাভ কৰিব পৰা হোৱা নাই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.