ETV Bharat / state

নগাঁও আৰক্ষীৰ সফলতা : খৰ্গ সহ আটক তিনি সৰবৰাহকাৰী

নগাঁও আৰক্ষীৰ এইবাৰ আন এক বৃহৎ সফলতা । বৃহস্পতিবাৰে এক অভিযান চলাই গঁড়ৰ খৰ্গৰ চোৰাং বেহাৰ সৈতে জড়িত তিনি অভিযুক্তৰ লগতে এটা গঁড়ৰ খৰ্গ জব্দ কৰে নগাঁও আৰক্ষীয়ে ৷

Rhino poachers arrested
নগাঁও আৰক্ষী : খৰ্গ সহ আটক তিনি সৰবৰাহকাৰী
author img

By

Published : Aug 27, 2021, 3:15 PM IST

Updated : Aug 28, 2021, 5:14 AM IST

নগাঁও, 26 আগষ্ট : ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰি অহা নগাঁও আৰক্ষীৰ এইবাৰ আন এক বৃহৎ সফলতা । বৃহস্পতিবাৰে এক অভিযান চলাই গঁড়ৰ খৰ্গৰ চোৰাং বেহাৰ সৈতে জড়িত তিনি অভিযুক্তৰ লগতে এটা গঁড়ৰ খৰ্গ জব্দ কৰে নগাঁও আৰক্ষীয়ে ৷ নগাঁও সদৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, নগৰ শাখাৰ উপ-পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা বিশেষ গোটে চলাইছিল এই অভিযান ৷

আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে, এক গোপন সূত্ৰৰ পৰা নগাঁও আৰক্ষীয়ে লাভ কৰা খবৰৰ ভিত্তিত চোৰাং চিকাৰৰ লগতে খৰ্গৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰি দিয়ে এক বিশেষ অভিযানকাৰী দল । অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত গঠন কৰি দিয়া হয় এই বিশেষ দলটো ৷

নগাঁও আৰক্ষী : খৰ্গ সহ আটক তিনি সৰবৰাহকাৰী

লগতে পঢ়ক: ৰঙিয়াত ৰহস্যজনক ভাৱে উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ

নগাঁও আৰক্ষীৰ বিশেষ দলটোৱে মৰিগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাই মৰিগাঁৱৰ পৰা চোৰাং চিকাৰৰ লগতে গঁড়ৰ খৰ্গৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত তিনি অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় । নগাঁও আৰক্ষীয়ে আটক কৰা চোৰাং চিকাৰী কেইটাৰ নাম ক্ৰমে মৰিগাঁৱৰ লোচনাবঢ়িৰ খাইৰুল ইছলাম, আশ্বিক আলী আৰু খজেন বিশ্বাস বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, ইয়াৰে আশ্বিক আলী খাইৰুল ইছলামৰ পুত্ৰ বুলি আৰক্ষী সূত্ৰৰ দ্বাৰা জানিব পৰা গৈছে ৷ বৰ্তমান আটকাধীন তিনিওকে জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷ ইয়াৰ লগতে গঁড়ৰ খৰ্গ সৰবৰাহৰ লগতে এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে নগাঁও আৰক্ষীয়ে ৷

লগতে পঢ়ক: ৰাজ্যিক কেবিনেটত নিবনুৱাৰ বাবে ভাল খবৰ: অচিৰেই মুকলি হ'ব বহু পদ

Last Updated : Aug 28, 2021, 5:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.