ETV Bharat / state

গণৰাজ্য দিৱসৰ প্ৰস্তুতি সভা নগাঁও জিলা প্ৰশাসনৰ

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 9:48 PM IST

গণৰাজ্য দিৱসৰ প্ৰস্তুতি নগাঁও জিলা প্ৰশাসনৰ । আৰক্ষী অধীক্ষকৰ উপস্থিতিত জিলা আয়ুক্তৰ গুৰুত্বপূৰ্ণ সভা ।

republic day preparation meeting at nagaon dc office
গণৰাজ্য দিৱসৰ প্ৰস্তুতি

নগাঁও, 5 জানুৱাৰী : ভাৰতবৰ্ষই চলিত বছৰত উদযাপন কৰিব 75 সংখ্যক গণৰাজ্য দিৱস ৷ দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে গণৰাজ্য দিৱস উদযাপনক লৈ প্ৰস্তুতি আৰম্ভ হৈ গৈছে ৷ দেশৰ লগতে অসমতো গণৰাজ্য দিৱসৰ উদযাপনৰ যো-জা চলিছে ৷ নগাঁও জিলা প্ৰশাসনেও গণৰাজ্য দিৱস উদযাপনক লৈ আৰম্ভ কৰিছে প্ৰস্তুতি ৷ এই লৈ শুকুৰবাৰে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এখনি সভা অনুষ্ঠিত হয় ৷ আগন্তুক 26 জানুৱাৰী 2024 তাৰিখে দেশৰ 75 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত শুকুৰবাৰে ইং 5 জানুৱাৰী 2024 তাৰিখে নগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা-কক্ষত আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা প্ৰস্তুতি সভাখনত আগন্তুক গণৰাজ্য দিৱস উদযাপনত বিভিন্ন অনুষ্ঠান আয়োজন কৰা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় ।

জিলা আয়ুক্তগৰাকীয়ে দেশে গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰাৰ ৭৫ বছৰীয়া জয়ন্তী হিচাপে দিনটো শ্ৰদ্ধাৰে উদযাপন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এই দিনটো উদযাপনৰ লগত জড়িত নিৰাপত্তাৰ দিশসমূহৰ সন্দৰ্ভত বৈঠকত ভাষণ দি নগাঁও আৰক্ষী অধীক্ষক নৱনীত মহন্তই উপস্থিত সদস্যসকলক আগতীয়াকৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই আৰু লগতে আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত নিৰাপত্তা বাহিনীক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷

আজিৰ এই সভাত জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপ, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ, জিলাখনৰ অতিৰিক্ত জিলা আয়ুক্তসকল, আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ লগতে জিলাখনৰ সকলো বিভাগৰে মুৰব্বী বিষয়াসকল, মুক্তি যুঁজাৰু সন্মিলনৰ বিষয়ববীয়াসকল, স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধিসকল আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.