ETV Bharat / state

নগাঁও সদৰ আৰক্ষী থানাৰ অ’চিৰ বিৰুদ্ধে ক্ষোভ মৃত ৰাজীৱৰ আত্মীয়ৰ

author img

By

Published : Jun 20, 2022, 11:45 AM IST

ৰাজীৱ বৰদলৈৰ পৰিয়ালৰ লোকে ফোন কৰাত ভাৰপ্ৰাপ্ত আৰক্ষীয়ে(Nagaon Sadar OC) বিষয়াগৰাকীয়ে বেয়া পোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ পৰিয়ালৰ লোকক কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে ৷

Relatives outrage against OC
নগাঁও সদৰ আৰক্ষী থানাৰ অ’চিৰ বিৰুদ্ধে ক্ষোভ মৃত ৰাজীৱৰ আত্মীয়ৰ

কামপুৰ, 20 জুন: কামপুৰৰ শোকাৱহ ঘটনাৰ পিছতে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে ক্ষোভ মৃত আৰক্ষী কনিষ্টবলৰ আত্মীয়ৰ (Relatives outrage against OC) ৷ ৰাজীৱ বৰদলৈৰ পৰিয়ালৰ লোকে ফোন কৰাত ভাৰপ্ৰাপ্ত আৰক্ষীয়ে বিষয়াগৰাকীয়ে বেয়া পোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ পৰিয়ালৰ লোকক কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে ৷

দেওবাৰৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতো নিশাই নগাঁৱলৈ উভতি নাহি সোমবাৰেহে গুৱাহাটীৰ পৰা আহি থকাক লৈ ক্ষোভ উজাৰে ৰাজীৱৰ আত্মীয়ই ৷ দেওবাৰে নিশা অপৰাধীক আটক কৰিবলৈ প্ৰায় নিশা 1 বজাত কামপুৰ আৰক্ষীৰ তিনিজনীয়া দল এটাই মধুপুৰ অঞ্চললৈ গৈছিল ৷ এটা ভঙা কালভাৰ্টত সোমাই যোৱাৰ ফলত প্ৰথমে কনিষ্টবল ৰাজীৱ বৰদলৈ সোঁতত উটি যায় (Kampur two police death) ৷ তেওঁক বচাবলৈ গৈ নৈ সোঁতত উটি যায় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিও ৷

সোমবাৰে এ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই দুয়োগৰাকীকে মৃত অৱস্থা উদ্ধাৰ কৰে ৷ ইয়াৰ পিছৰে পৰা মৃত আৰক্ষীকেইগৰাকীৰ ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷

ঘৰৰ একমাত্ৰ পুত্ৰক হেৰুৱাই কান্দোনত ভাগি পৰিছে ৰাজীৱৰ মাতৃ ৷ ঘৰৰ উপাৰ্জনৰ একমাত্ৰ উৎস আছিল ৰাজীৱ ৷ ৰাজীৱৰ মৃত্যুৰ খবৰ শুনাৰ পিছতে আত্মীয় লোকে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ফোন কৰে যদিও তেওঁৰ ব্যৱহাৰত সন্তুষ্ট নহয় ৷

লগতে পঢ়ক : Assam Flood: বাঢ়নী পানীত উটি গৈ প্ৰাণ হেৰুৱালে দুই কৰ্তব্যৰত আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.