ETV Bharat / state

নগাঁৱত ঘোঁচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী কৰ্মচাৰী - চৰকাৰী টিনপাত

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা বিজেপি চৰকাৰৰ দিনত টিনপাত বিতৰণৰ নামত চৰকাৰী কৰ্মচাৰীৰ উৎকোচ গ্ৰহণ ৷ বুধবাৰে গড়কাপ্তানী বিভাগৰ ৰাজ্যিক ঘাইপথৰ নগাঁৱৰ কাৰ্যালয়ৰ গুদামৰ পৰা অনুসূচীত জাতিৰ দৰিদ্ৰ লোকক প্ৰদান কৰা হয় চৰকাৰী টিনপাত ৷ কিন্তু দৰিদ্ৰ লোকক টিনপাত প্ৰদানৰ নামতো উৎকোচ লয় এজন চৰকাৰী কৰ্মচাৰীয়ে ।

নগাঁও
উৎকোচ লয় চৰকাৰী কৰ্মচাৰী
author img

By

Published : Jan 30, 2020, 12:35 AM IST

নগাঁও,29 জানুৱাৰীঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা বিজেপি চৰকাৰৰ দিনত টিনপাত বিতৰণৰ নামত চৰকাৰী কৰ্মচাৰীৰ উৎকোচ গ্ৰহণ ৷ বুধবাৰে গড়কাপ্তানী বিভাগৰ ৰাজ্যিক ঘাইপথৰ নগাঁৱৰ কাৰ্যালয়ৰ গুদামৰ পৰা অনুসূচীত জাতিৰ দৰিদ্ৰ লোকক প্ৰদান কৰা হয় চৰকাৰী টিনপাত ৷ কিন্তু দৰিদ্ৰ লোকক টিনপাত প্ৰদানৰ নামতো উৎকোচ লয় এজন চৰকাৰী কৰ্মচাৰীয়ে । সমগ্ৰ দৃশ্যটো বন্দী হয় সংবাদকৰ্মীৰ কেমেৰাত ৷

ঘোঁচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী কৰ্মচাৰী

ইপিনে,উৎকোচ লোৱাৰ দৃশ্য কেমেৰাত বন্দী হোৱাৰ পিছতো কথাটো অস্বীকাৰ কৰে ৷ কিন্তু পিছত চাহ খৰচৰ বাবদ টকা লোৱাৰ কথা স্বীকাৰ কৰে কৰ্মচাৰীজনে । উৎকোচ লোৱা কৰ্মচাৰীজন সমাজ কল্যাণ বিভাগৰ বুলি জানিব পৰা গৈছে । উক্ত ঘটনাটোৱে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ বিভাগীয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব ৷

লগতে চাওকঃধুবুৰীত দিবাস্বপ্ন হৈ পৰিছে ১০৮ নাওঁ এম্বুলেঞ্চ

Intro:দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা চৰকাৰৰ দিনত টিনপাত বিতৰণৰ নামতো চৰকাৰী কৰ্মচাৰীৰ উৎকোচ। কেমেৰা বন্দী উৎকোচ লোৱাৰ দৃশ্য। ই টি ভি ভাৰত exclusiveBody:চৰকাৰ গঠন কৰিয়েই দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিৰ ব্যাপক প্ৰচাৰ চলোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত টিনপাত বিতৰণৰ নামতো উৎকোচ লাগে চৰকাৰী কৰ্মচাৰীক। বুধবাৰে গড়কাপ্তানী বিভাগৰ ৰাজ্যিক ঘাইপথৰ নগাঁৱৰ কাৰ্য্যালয়ৰ গুদামৰ পৰা অনুসূচীত জাতিৰ দৰিদ্ৰ লোকক প্ৰদান কৰা হয় চৰকাৰী টিনপাত। কিন্তু দৰিদ্ৰ লোকক টিনপাত প্ৰদানৰ নামতো উৎকোচ ললে এজন কৰ্মচাৰীয়ে। উৎকোচ লোৱাৰ দৃশ্যও মোবাইল কেমেৰাত বন্দী কৰিলে আন এজন সচেতন লোকে। প্ৰথমে এগৰাকী হিতাধিকাৰীয়ে দিলে ৫০ টকা কিন্তু ৫০ টকাত নহয় এশ টকা লাগে চৰকাৰী কৰ্মচাৰীজনক। উপায়ন্তৰ হিতাধিকাৰীয়ে বাধ্য হৈ দিলে এশ টকাই। উৎকোচ লোৱাৰ দৃশ্য কেমেৰাত বন্দী হোৱাৰ পিছতো প্ৰথমে উৎকোচ লোৱাৰ কথা অস্বীকাৰ কৰিও চাহ খৰচ লোৱাৰ কথা স্বীকাৰ কৰে কৰ্মচাৰীজনে। উৎকোচ লোৱা কৰ্মচাৰীজন সমাজ কল্যান বিভাগৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।
Bite Conclusion:অনুসূচীত জাতিৰ দৰিদ্ৰ লোকে সামান্য টিনপাতৰ নামতো উৎকোচ দিবলগীয়া ঘটনাই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।।
-----------------------------------–---------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
২৯-১-২০
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.