নগাঁও, 30 মে’ : বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত আশ্বিকুলৰ মৃত্যু(Master mind of Batadrava PS incident died) ত শোকাহত পৰিয়ালবৰ্গ ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা আশ্বিকুলৰ মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই পৰিয়ালবৰ্গই ৷ দেওবাৰে মাজনিশা প্ৰায় 2 বজাত আৰক্ষীৰ সৈতে এটা অঞ্চললৈ গৈ থকা অৱস্থাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাই দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰে বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত আশ্বিকুলে ৷
উল্লেখ্য যে, দেওবাৰে আৰক্ষীয়ে আশ্বিকুলৰ বাসগৃহত অভিযান চলাই জব্দ কৰিছিল দুটাকৈ মাৰণাস্ত্ৰ(Weapons seized from aashiqul's home) ৷ এই অভিযানৰ সময়তে শেষবাৰৰ বাবে মাতৃলৈ চাই তিনিবাৰকৈ "মা" বুলি মাতি আৰক্ষীৰ বাহনত উঠিছিলহি আশ্বিকুলে ৷
আশ্বিকুলৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালবৰ্গই ৷ এই খবৰ লাভৰ পিছতে পৰিয়ালটোত ৰোল উঠে কান্দোনৰ ৷ বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত আশ্বিকুলে দেওবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত দাবী কৰে ৷
লগতে চাওক: Batadrava PS Incident: গাড়ীৰ খুন্দাত নিহত বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আশ্বিকুল