ETV Bharat / state

নৱজাতকৰ মৃত্যুক লৈ উত্তপ্ত নগাঁৱৰ শিশু চিকিৎসালয় - Medical Facility

নগাঁৱৰ ৰূপহীহাটৰ এটি নৱজাতকৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰে নগাঁৱৰ শিশু চিকিৎসালয় ৷ আৰক্ষীৰ উপস্থিতত পৰিস্থিতি নিয়ন্ত্ৰণ ৷

নগাঁৱৰ শিশু চিকিৎসালয়
author img

By

Published : Jul 9, 2019, 11:04 PM IST

নগাঁৱ, 9 জুলাইঃ নৱজাতকৰ মৃত্য়ুক লৈ সোমবাৰে উত্তপ্ত হৈ পৰে নগাঁঁৱৰ শিশু চিকিৎসালয় ৷ দেওবাৰে চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল ৰূপহীহাট শালপাৰৰ এগৰাকী গৰ্ভৱতী মহিলাক আৰু সোমবাৰে ৰাতিপুৱা মহিলাগৰাকীয়ে এটি নৱজাতকৰ জন্ম দিয়ে যদিও নৱজাতকটিৰ অৱস্থা বেয়া হৈ পৰাত আইচিইউত ভৰ্তি কৰোৱা হয় ৷ মাতৃয়ে মাতৃদুগ্ধ পান কৰিব নোৱাৰাৰ বাবেই শিশুটি আইচিইউত ভৰ্তি কৰোৱা হয় বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ কিন্তু মঙলবাৰে নৱজাতকটোৰ মৃত্যু হোৱা বুলি সদৰী কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷ পৰিয়ালৰ লোকে এই কথা মানি নোলোৱাত একপ্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ পৰিয়ালৰ অভিযোগ চিকিৎসকৰ গাফিলতিৰ বাবেই মৃত্যু হয় শিশুটিৰ ৷

নৱজাতকৰ মৃত্যুক লৈ উত্তপ্ত নগাঁৱৰ শিশু চিকিৎসালয়

Intro:নবজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱৰ শিশু চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি।

Body:এটি নবজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি ম'হখুলিস্থিত নগাঁৱৰ মাতৃ আৰু শিশু চিকিৎসালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। নগাঁৱৰ ৰূপহীহাট শালপাৰৰ এগৰাকী গৰ্ভৱতী মহিলাক সন্তান প্ৰসৱৰ বাবে ভৰ্তি কৰোৱা হৈছিল দেওবাৰে। সোমবাৰে পোৱা প্ৰসৱ হোৱা নবজাতকটিক মঙলবাৰে পুৱতি নিশা আই চি ইউত ভৰ্তি কৰা হয় যদিও পুৱা নবজাতকটি মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক অৱগত কৰে চিকিৎসালয় কৰ্তৃপক্ষই। প্ৰথমে নবজাতকটি মাতৃৰ দুগ্ধ পাণ কৰিব নোৱাৰাৰ বাবেই ভৰ্তি কৰোৱা হৈছিল আই চি ইউত। চিকিৎসকৰ গাফিলতিৰ বাবেই শিশুটিৰ মৃত্যু হোৱা বুলি একাংশই দাবী কৰাৰ বিপৰীতে পৰিয়ালৰ লোকে শিশুটিক সলনি কৰা হৈছে বুলিও ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ।
bite.
----------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৯-৭-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.