চামগুৰি, 27 মে’: পৰিয়ালৰ লোক ঘৰত নথকাৰ সুযোগ লৈ নিজৰ ১৬ বছৰীয়া ভাগিনিয়েকক বলপূর্বক ভাৱে ধৰ্ষণ কৰাৰ অভিযোগ ৷ এনে এক জঘন্য ঘটনা সংঘটিত হৈছে জুৰিয়া থানাৰ অন্তৰ্গত বাটামাৰীত । অজগৰ আলী নামৰ এজন লোকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে ৷ লম্পটটোৰ ঘৰ ধিঙৰ ২নং কান্ধুলিমাৰীত । ইপিনে লম্পট অজগৰ আলীক এনে কুকৰ্ম কৰিব নিদিলেই প্ৰাণে মৰা ভাবুকি প্ৰদান কৰিছিল কিশোৰী গৰাকীক ।
উল্লেখযোগ্য যে, মঙলবাৰে ভাগিনীয়েকৰ সৈতে নিশা ৯ বজাত অবৈধ কামত লিপ্ত থকা অৱস্থাতে স্থানীয় লোকে হাতে লোটে ধৰা পেলাই আৰক্ষীক গতাই দিয়ে । আনহাতে দীৰ্ঘদিনৰ পৰা ভাবুকি প্রদান কৰি কিশোৰী গৰাকীক ধৰ্ষণ কৰি আহিছিল বুলি স্থানীয় লোকে মোমায়েকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । সম্প্ৰতি উক্ত ঘটনা সন্ধৰ্ভত ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে ন্যায় বিচাৰি দগাঁও আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰিছে ৷
আনহাতে এই বৰ্বৰ ঘটনা সন্দৰ্ভত লম্পটটোৰ ওপৰত জাঙুৰ খাই উঠিছে অসম মজুৰি শ্ৰমিক ইউনিয়ন আৰু সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেশ্বন নামৰ সংঘটন দুটা । সম্প্ৰতি সমগ্ৰ ঘটনাৰ সৰ্ন্দভত অপৰাধীক দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে স্থানীয় লোকৰ লগতে সচেতন মহলে ৷ ইতিমধ্যে আৰক্ষীয়ে অজগৰ আলী নামৰ লম্পটটোক জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ ক’ভিড চিকিৎসাৰ নামত ব্যক্তিখণ্ড চিকিৎসালয়ৰ লুন্ঠন