ETV Bharat / state

তুলুঙা নাঁৱত উঠি বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন বিধায়ক ৰকিবুল হুছেইনৰ

বিগত দুটা দিনে নগাঁৱৰ চামগুৰিৰ ভূৰবন্ধা পঞ্চায়তত বানে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে । সোমবাৰে লাওখোৱাত বন্যাৰ্তৰ কাষত উপস্থিত হয় চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন । তুলুঙা নাঁৱত উঠি ৪নং ভগামুখৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে ।

RAKIBUL HUSSAIN VISITED FLOOD AFFECTED AREA IN LAOKHOWA
তুলুঙা নাঁৱত উঠি বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন বিধায়ক ৰকিবুল হুছেইনৰ
author img

By

Published : Aug 30, 2021, 6:01 PM IST

চামগুৰি, ৩০ আগষ্ট: ৰাজ্যৰ বিভিন্ন জিলাত বৰ্তমান বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । নিতৌ ন ন অঞ্চল প্লাৱিত কৰিছে বাঢ়নি পানীয়ে । নগাঁও জিলাৰ চামগুৰিতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে । এফালে, ক'ভিড-১৯ৰ ভয়াৱহতা, আনফালে কালৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ বানে ।

সোমবাৰে সমষ্টিৰ ৰাইজৰ দুৰ্দশাৰ বুজ ল'বলৈ চামগুৰিৰ ভূৰবন্ধা পঞ্চায়তত উপস্থিত হয় চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন । ৪নং ভগামুখৰ বানাক্ৰান্তৰ সমস্যাৰ বুজ লয় বিধায়কগৰাকীয়ে । লগতে তুলুঙা নাঁৱত উঠি ৪নং ভগামুখৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে । বানাক্ৰান্তক অত্যাৱশ্যকীয় সামগ্ৰী, মাস্ক যোগান ধৰাৰ লগতে তেওঁলোকৰ বাবে বিশেষভাৱে ক'ভিড প্ৰতিষেধকৰ ব্যাৱস্থা কৰিবলৈও আহ্বান জনায় । লগতে বন্য়াৰ্তৰ বাবে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিবলৈও তেওঁ অনুৰোধ জনায় ।

কিয়নো উক্ত অঞ্চলৰ ৰাইজৰ বাসগৃহৰ বাহিৰে-ভিতৰে এতিয়া পানী । বিদ্যালয়ো জলমগ্ন হৈ পৰিছে ।

তুলুঙা নাঁৱত উঠি বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন বিধায়ক ৰকিবুল হুছেইনৰ

পথৰ চিন-চাব নোহোৱা হৈছে । মানুহৰ খাদ্য সামগ্ৰীৰ নাটনি হৈছে । আনহাতে, ঘৰচীয়া পশুৰো বিলৈ নোহোৱা হৈছে ।

খাদ্যৰ অভাৱতো পশুৱেও হাহাকাৰ কৰিবলগীয়া হৈছে । এই পৰিস্থিতি বিগত দুটা দিনে অপৰৱৰ্তিত হৈ আছে । সোমবাৰে বান বিধ্বস্ত অঞ্চলটো পৰিদৰ্শনৰ সময়ত বিধায়ক ৰকিবুল হুছেইনে বিভাগীয় বিষয়াক ৰাইজক সহায় কৰিবলৈ ফোনযোগে আহ্বান জনায় ।

লগতে পঢ়ক:বিভাগীয় নিষেধাজ্ঞাৰ পিছতো ব্ৰহ্মপুত্ৰৰ বুকুত নাও চলাচল অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.