ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ দিনত ৰাতিহে কেলেংকাৰী হৈছে, দিনত নাই হোৱা : ৰকিবুল হুছেইন - বিধানসভা শীতকালিন অধিৱেশন

হিমন্ত বিশ্ব শৰ্মাৰ দিনত ‘ৰাতি’হে দুৰ্নীতি সংঘটিত হৈছে, দিনত নাই হোৱা ৷ বিধানসভাত বিৰোধীৰ মুখামুখি হোৱাৰ সাহস গোটাব নোৱৰাৰ বাবেই শীতকালিন অধিৱেশন অনুষ্ঠিত কৰা নাই ৷ এই মন্তব্য ৰকিবুল হুছেইনৰ ৷

Rakibul Hussain
ৰকিবুল হুছেইনৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 3:34 PM IST

ৰকিবুল হুছেইনৰ সংবাদমেল

নগাঁও, 29 নৱেম্বৰ : শীতকালিন অধিৱেশন অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাহস গোটাব পৰা নাই ৷ বিৰোধীৰ দলৰ মুখামুখি হোৱাৰ সাহসৰ অভাৱৰ বাবেই অনুষ্ঠিত কৰা নাই বিধানসভাৰ শীতকালিন অধিৱেশন ৷ এই মন্তব্য অসম বিধানসভাৰ বিৰোধী উপ-দলপতি ৰকিবুল হুছেইনৰ ৷ বুধবাৰে নগাঁৱত এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰা বিধায়কগৰাকীয়ে ৷

শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ দিনত কোনোধৰণৰ দুৰ্নীতি সংঘটিত হোৱা এই ৷ উক্ত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰকিবুল হুছেইনে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ ‘দিনত’ দুৰ্নীতি সংঘটিত নোহোৱাটো সঁচা, কিন্তু তেওঁৰ দিনত ‘ৰাতি’হে দুৰ্নীতি হয় ৷ নগাঁও ৰাজীৱ ভৱনত সংবাদমেলৰ আয়োজন কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাকএনেদৰে কটাক্ষ কৰে তেখেতৰ একালৰ সতীৰ্থ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।

প্ৰসংগক্ৰমে ৰকিবুল হুছেইনে কয় যে শেহতীয়াকৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সুৰেশ বৰাক প্ৰাৰ্থিত্ব দিয়াৰ বাবেই বঢ়মপুৰ সমষ্টিৰ ৰাইজে কংগ্ৰেছক বেয়া পাই আছিল ৷ সুৰেশ বৰাৰ ফটো ঘৰত ৰাখিলে ল'ৰা-ছোৱালী বেয়া হ'ব বুলি পূৰ্বেই বহুতে ৰকিবুল হুছেইনক জনাইছিল বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী হুছেইনে ।

ৰকিবুল হুছেইনে কয় যে, এতিয়া চাৰিআলিয়ে চাৰিআলিয়ে আৰক্ষী আৰু যান-বাহন বিভাগৰ লোক বহি আছে ৷ তেওঁলোকক ধাৰ্য কৰি দিয়া হৈছে মাহে কিমান টকাকৈ সংগ্ৰহ কৰি দিব লাগে ৷ ৰাইজক টেঁটুচেপা দি ৰাজহ সংগ্ৰহ কৰি থকা বুলি মন্তব্য কৰি ৰকিবুল হুছেইনে কয় যে এইবিলাক কাৰণত ৰাইজ বিজেপি চৰকাৰৰ প্ৰতি অতিষ্ঠ হৈছে আৰু সঠিক সময়লৈ অপেক্ষা কৰিছে ৷

ৰাইজৰ এই ক্ষোভবোৰ হিমন্ত বিশ্ব শৰ্মাই জানিব পাৰি বিধানসভাত বিৰোধীৰ মুখামুখি হ’বলৈ সাহস নকৰি শাতকালিন অধিৱেশন অনুষ্ঠিত কৰা নাই বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী সদায় মুখ্যই; মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.