চামগুৰি,6 জুন : নগৰ-চহৰৰ পাচত এতিয়া গাঁৱ অঞ্চলসমূহত ক’ভিডৰ গণ সংক্ৰমণ বৃদ্ধি পাব ধৰিছে ৷ চামগুৰি চাহ বাগানৰ বিভিন্ন এলেকাত ক’ভিড আক্ৰান্ত চিনাক্ত হোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি কাষৰীয়া অঞ্চলসমূহতো ভয়ানক হাৰত বৃদ্ধি পাইছে ক'ভিড ১৯ ৰ গণ সংক্ৰমণ । এই গণ সংক্ৰমণৰ বাবে উদ্বিগ্ন হৈ পৰিছে চামগুৰিৰ স্থানীয় বিধায়ক ৰকিবুল হুছেইন ।
নিজ সমষ্টিৰ সকলো অঞ্চলতে কংগ্ৰেছ নেতা হুছেইনে ধাৰাবাহিকভাৱে সহায়ৰ হাত আগবঢ়াই আহিছে । বিধায়ক ৰকিবুল হুছেইনে শনিবাৰে তেওঁৰ সমষ্টিত ক’ভিড ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে খাদ্য সামগ্ৰীৰ যোগান ধৰে ৷
উল্লেখ্য যে, বিধায়কগৰাকীয়ে পোন প্ৰথমে পাৰঘাট পানীগাঁৱৰ মিণ্টু কলিতাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয় ৷ ইয়াৰ পাচত তেওঁ চামগুৰিৰ হাঁহচৰা গাঁৱৰ কণ্টেইনমেণ্ট জ'ন(containment zone)ত থকা লোকসকলৰ কাষত উপস্থিত হৈ ক’ভিড ৰোগীসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে ৩৬ টা পৰিয়ালক খাদ্য সামগ্ৰীৰ যোগান ধৰে ।
লগতে পঢ়ক : ডুমডুমা বন সংমণ্ডলৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন