ETV Bharat / state

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ ৰাজেন গোহাঁইৰ - ৰাজেন গোহাঁই

জ্য়েষ্ঠ বিজেপি (BJP) নেতা তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই (Rajen Gohain)ক কেবিনেট মৰ্যদা প্ৰদান ৰাজ্য চৰকাৰৰ ৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত ‘Assam Food and Civil Supplies Corporation’ৰ অধ্যক্ষ পদত নিযুক্তি দিব প্ৰাক্তন সাংসদগৰাকীক ৷ এই মৰ্যদাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে ৰাজেন গোহাঁইয়ে ৷

rajen-gohain-got-cabinet-rank
ৰাজেন গোহাঁইক কেবিনেট মৰ্যদা প্ৰদান
author img

By

Published : Jul 22, 2021, 10:57 PM IST

নগাঁও,22 জুলাই : বৃহস্পতিবাৰে ৰাজ্য়ৰ জ্য়েষ্ঠ বিজেপি (BJP) নেতা ৰাজেন গোহাঁই (Rajen Gohain)ক কেবিনেট মৰ্যদা প্ৰদান কৰে অসম চৰকাৰ (Assam Govt)য়ে ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইক নতুন দায়িত্ব অৰ্পণ কৰিছে মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰে । নগাঁৱৰ প্ৰাক্তন সাংসদগৰাকীক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত ‘Assam Food and Civil Supplies Corporation’ৰ অধ্যক্ষ পদত নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ কেবিনেট বৈঠকত গোহাঁইক ‘কেবিনেট পৰ্যায়ৰ মৰ্যাদা’ প্ৰদান কৰা বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ই ঘোষণা কৰে ।

ৰাজেন গোহাঁইক কেবিনেট মৰ্যদা প্ৰদান

এই ঘোষণাৰ পাচতেই সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে ৰাজেন গোহাঁইয়ে ৷ অসম আৰু অসমীয়াৰ বাবে কাম কৰাৰ সুবিধা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷ তেওঁ কয় যে, সম্প্ৰতি ৰাজ্য়ৰ খেতিয়কসকলৰ কৃষিক্ষেত্ৰত সমস্য়াই দেখা দিছে আৰু এই অনিহা দূৰ কৰি সকলোকে কৃষিৰ প্ৰতি আগ্ৰহী কৰিব লাগিব ৷ ইয়াৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ ব্যৱস্থা কৰিব পৰা যাব ৷ লগতে তেওঁ কয় যে, ব্যক্তিগত পৰিকল্পনা বহুতো আছে, যিবোৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি তেওঁ পূৰণ কৰা চেষ্টা কৰিব ৷

বিগত সময়ত দলীয় প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈও দল ত্যাগ কৰাৰ বিপৰীতে নিষ্ঠাৰে দলীয় কাম কৰি অহা ৰাজেন গোহাঁইৰ শেহতীয়াকৈ গুৰুত্ব বৃদ্ধি পাইছে ৰাজ্যিক বিজেপি দলত ৷

লগতে পঢ়ক : আঢ়ৈ মাহৰ অন্তত মুকলি গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ'পৱে সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.