নগাঁও,8 জানুৱাৰীঃ ৰাইজৰ দলৰ অভিবৰ্তনত উদাত্ত ভাষণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য্য কোঁৱৰৰ। ৰাইজৰ দলৰ অধিবেশনৰ দ্বিতীয় দিনা অনুষ্ঠিত হোৱা অসমৰ সাম্প্ৰতিক জাতীয় প্ৰেক্ষাপট আৰু ৰাইজৰ দলৰ ভৱিষ্যত কৰ্মপন্থাৰ ওপৰত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামৰ্শ গ্ৰহণ অনুষ্ঠানত ৰাইজৰ দলক পৰামৰ্শ দিলে ধৈৰ্য্য কোঁৱৰে।
ৰাইজৰ দলৰ অভিৱৰ্তনত ধৈৰ্য্য কোঁৱৰৰ উদাত্ত ভাষণ মৰাণৰ মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ অধিবেশনৰ দ্বিতীয় দিনা অনুষ্ঠিত অসমৰ সাম্প্ৰতিক জাতীয় প্ৰেক্ষাপট আৰু ৰাইজৰ দলৰ ভৱিষ্যত কৰ্মপন্থাৰ ওপৰত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামৰ্শ গ্ৰহণ অনুষ্ঠানত উদাত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰি শাসকীয় বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য্য কোঁৱৰে। বিজেপিক সাম্প্ৰদায়িক দল আখ্যা দি আগন্তক বিধানসভা নির্বাচনত বিজেপিক পুলিয়ে পোখাই উভলিব পৰাকৈ ৰাইজৰ দলক শক্তিশালী হ'বলৈ আহ্বান জনায় ধৈৰ্য্য কোঁৱৰে । লগতে জাতি ৰক্ষাৰ স্বাৰ্থত ৰাইজৰ দলেও কোনো দিনে ৰাইজক যাতে বিশ্বাসঘাতকা নকৰে তাৰ বাবেও সকিয়াই দিয়ে ধৈৰ্য্য কোঁৱৰে।
লগতে পঢ়কঃ মাওবাদীৰে জড়িত থকাৰ বাবেহে কাৰাবন্দী হৈছে অখিল : হিমন্ত বিশ্ব শৰ্মা