ETV Bharat / state

বসন্তৰ আগমনৰ আনন্দঃ তিৱা জনগোষ্ঠীয়ে পালন কৰিলে ছাগ্ৰা মিছৱা - তিৱা

প্ৰথম দিনা তিৱাসকলৰ ছামাদি অৰ্থাৎ ডেকা চাঙৰ পৰা আৰম্ভ কৰা হয় এই ছাগ্ৰা মিছৱা উৎসৱ। তাৰ পিচৰ প্ৰতিটো দিনতেই পালন কৰা হয় নানা ধৰ্মীয় কাৰ্যাসূচী ৷ নৃত্য-গীতৰ জৰিয়তে অপায়-অমংগল দূৰ হোৱাৰ লগতে সমাজত শান্ত-সম্প্ৰীতি অটুত ৰখাৰ বাবে প্ৰাৰ্থন জনায় ৰহাৰ বৰ আমৰিৰ তিৱা লোকসকলে ৷

ৰহাৰ বৰ আমৰিত সামৰণি পৰিল তিৱা বসন্ত উৎসৱ
author img

By

Published : Mar 31, 2019, 4:50 AM IST

ৰহা, 30 মাৰ্চঃকৃষি আৰু প্ৰকৃতিয়েই সংস্কৃতিৰ আধাৰ ৷ বসন্তৰ আগমনত আনন্দিত ৰহাৰ তিৱা লোকসকলে আনন্দ-উছাহেৰে পালন কৰিলে ছগ্ৰা মিছৱা নামেৰে জনাজাত তেওঁলোকৰ পৰম্পৰাগত বসন্ত উৎসৱ ৷ মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই পৰম্পৰাগত উৎসৱৰ শনিবাৰে সামৰণি পৰে ৷ অন্তিম দিনটোত স্বকীয় গীত-নৃত্যৰে আনন্দ উপভোগ কৰে জনগোষ্ঠীটোৰ লোকসকলে ৷

ৰহাৰ বৰ আমৰিত সামৰণি পৰিল তিৱা বসন্ত উৎসৱ
কেৱল পুৰুষসকলে পৰিবেশন কৰা এই নৃত্য-গীত চাবলৈ ভিৰ কৰে শতাধিক মহিলায়ো ৷ প্ৰথম দিনা তিৱাসকলৰ ছামাদি অৰ্থাৎ ডেকা চাঙৰ পৰা আৰম্ভ কৰা হয় এই ছাগ্ৰা মিছৱা উৎসৱ। তাৰ পিচৰ প্ৰতিটো দিনতেই পালন কৰা হয় নানা ধৰ্মীয় কাৰ্যাসূচী ৷নৃত্য-গীতৰ জৰিয়তে অপায়-অমংগল দূৰ হোৱাৰ লগতে সমাজত শান্ত-সম্প্ৰীতি অটুত ৰখাৰ বাবে প্ৰাৰ্থন জনায় ৰহাৰ বৰ আমৰিৰ তিৱা লোকসকলে ৷

Intro: জাক-জমকীয়া নৃত্য-গীতৰ মাজেৰে সামৰণি পৰিল তিৱাসকলৰ পৰম্পৰাগত লোক উৎসৱ ছগ্ৰা মিছৱা অৰ্থাৎ বসন্ত উৎসৱ। Body:নগাওঁ আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী তথা ৰহাৰ সমষ্টিৰ বৰ আমৰিত যোৱা মংগলবাৰৰ পৰা চলি থকা তিৱাসকলৰ এই ছগ্ৰা মিছৱা উৎসৱৰ অন্তিম দিনা অঞ্চলৰ লোকসকলে ঘৰে ঘৰে এনেদৰে স্বক্ৰীয় বাদ্য যন্ত্ৰ লৈ নৃত্য-গীত পৰিবেশন কৰি সামৰণি পেলালে ছগ্ৰা মিছৱা উৎসৱৰ। কেৱল পুৰুষসকলে পৰিবেশন কৰা এই নৃত্য গীত চাবলৈ ভিৰ কৰিলে শশ মহিলায়ো। প্ৰথম দিনা তিৱাসকলৰ ছামাদি অৰ্থাৎ ডেকা চাঙৰ পৰা আৰম্ভ কৰা হয় এই ছাগ্ৰা মিছৱা উৎসৱ। পিচত প্ৰত্যেক দিনাই পৰম্পৰাগত ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ পিচত অন্তিম দিনা এনেদৰে গাৱঁৰ মুখীয়ালৰ ঘৰত নৃত্য-গীত কৰি আনন্দ উপভোগ কৰে বৃহত্তৰ অঞ্চলবাসীয়ে। শেষত প্ৰেম-প্ৰীতি, মৰমৰ মাজত লুকাই থকা সমাজৰ অপায়-অমংগল-অসূয়াসমূহক প্ৰতীকি ৰূপত গৃহস্থৰ জেওঁৰা-জপনা ভাগি পলায়ন কৰা দৃশ্য উপস্থাপন কৰা হয়। ছাগ্ৰা মিছৱাৰ উৎসৱৰ অৰ্থ হ'ল সমাজৰ পৰা দুস্কৃতি দূৰ কৰা। তিৱাসকলে উৎসৱৰ আৰম্ভণি দিনাৰে পৰা নিৰামিষ আহাৰ গ্ৰহণ কৰি দেৱ-দেৱতাক পূজা কৰি সমাজৰ বিমংগল দূৰ কৰি ঐক্য, প্ৰেম, ভাতৃত্ববোধ জীয়াই ৰখাৰ উদ্দেশ্যে এই উৎসৱ পালন কৰা হয়। ৰহাৰ বৰ আমৰিত প্ৰতি বছৰে তিৱাসকলে এনেদৰে চ'ত মাহত এই ছাগ্ৰা মিছৱা উৎসৱ পালন কৰি আহিছে। লগতে টনকীয়াল কৰিছে অসমীয়া কৃষ্টি-সংস্কৃতি।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.