ETV Bharat / state

Patient needs financial help: জটিল মগজুৰ ৰোগত আক্ৰান্ত ৰহাৰ প্ৰতিভাৱান যুৱতী নীহাৰিকা; বিচাৰিছে ৰাইজৰ সহায় - জটিল ৰোগত আক্ৰান্ত

মগজুৰ ৰোগত আক্ৰান্ত ৰহাৰ এগৰাকী প্ৰতিভাৱান যুৱতী ৷ চিকিৎসাৰ বাবে বিচাৰিছে ৰাইজৰ সহায় ৷

Patient needs financial help
চিকিৎসাৰ বাবে বিচাৰিছে ৰাইজৰ সহায়
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 5:24 PM IST

জটিল ৰোগত আক্ৰান্ত ৰহাৰ প্ৰতিভাৱান যুৱতী নিহাৰীকা

ৰহা, 27 অক্টোবৰ : ৰহাৰ এগৰাকী সম্ভাৱনাপূৰ্ণ দুৰ্ভগীয়া যুৱতীৰ কাহিনী ৷ নাচি-বাগি, গীত গাই ৰাইজৰ সমাদৰ পোৱা দৰিদ্ৰ যুৱতীগৰাকী আজি ৰোগগ্ৰস্ত ৷ জটিল ৰোগত আক্ৰান্ত হৈ GNRC ত চিকিৎসাধীন হৈ আছে সকলোৱে ভালপোৱা কষ্টসহিষ্ণু 25 বছৰীয়া পিতৃহীনা এই যুৱতীগৰাকী ৷ যুৱতীগৰাকীৰ নাম নীহাৰিকা সিংহ ৷

ৰহা নগৰৰ ৰহা গাঁৱৰ নীহাৰিকা পূজাৰ আনন্দৰ মাজতে হঠাতে অসুস্থ হৈ পৰাত উন্নত চিকিৎসাৰ বাবে নিয়া হয় গুৱাহাটীলৈ ৷ চিকিৎসকে বহু পৰীক্ষাৰ অন্তত নীহাৰিকা মগজুৰ জটিল ৰোগত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে ৷ বৰ্তমান নীহাৰিকা জি এন আৰ চিত চিকিৎসাধীন ৷ কিন্তু অৰ্থৰ অভাৱত পিতৃহীনা নীহাৰিকাৰ উপযুক্ত চিকিৎসা তথা ঔষধ-পাতি যোগাৰ কৰিব পৰা নাই মাতৃয়ে ৷

এবছৰৰ পূৰ্বে নীহাৰিকাই হেৰুৱাইছিল গাড়ী চলাই পৰিয়ালটোক চলোৱা পিতৃক ৷ পিতৃৰ মৃত্যুৰ পিচত ঘৰৰ সমস্ত দায়িত্ব মূৰ পাতি ল'বলগীয়া হৈছিল নীহাৰিকাই ৷ সাংস্কৃতিক ক্ষেত্ৰৰ লগতে খেলা-ধূলাতো পাৰ্গত বহু সম্ভাৱনাময় যুৱতী নীহাৰিকাই বিভিন্ন ঠাইত নৃত্য, বিহু আদি পৰিৱেশন কৰিয়েই দুটি ভাতৃক পঢ়ুওৱাৰ লগতে মাতৃৰ সৈতে চাৰিজনীয়া পৰিয়ালৰ ঘৰখন চলাই নিছিল বহু কষ্টৰে ৷ ঘৰখন চলাবলৈ টিউচনো কৰে ঘৰে ঘৰে ৷

গুৱাহাটীত অনুষ্ঠিত বিহুৰ বিশ্ব ৰেকৰ্ড অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে অসম সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠানৰ পৰা আমন্ত্ৰণ লাভ কৰি নৃত্য-গীতেৰে ৰাইজক মোহিত কৰাৰ লগতে বহু পুৰস্কাৰো লাভ কৰিছিল ৷ এতিয়া একমাত্ৰ নীহাৰিকাৰ উপাৰ্জনেৰে চলে ঘৰখন ৷ কিন্তু নীহাৰিকা আজি গুৰুতৰভাৱে অসুস্থ ৷ নীহাৰিকাৰ প্ৰয়োজনীয় চিকিৎসা কৰাবলৈ অসমৰ্থ মাতৃ ৷ সেয়েহে এতিয়া পৰিয়ালৰ লোকে বিচাৰিছে মুখ্যমন্ত্ৰী তথা ৰাইজৰ সহায় ৷

চৰকাৰ তথা সুহৃদজনৰ সহায় পালে সুস্থ হৈ উঠিব নীহাৰিকা ৷ আকৌ নাচিব, গাব ৷ কষ্ট কৰি হ’লেও চলাব পাৰিব পৰিয়ালটো ৷ স্থানীয় লোকেও বিচাৰিছে প্ৰতিভাৱান যুৱতীগৰাকীৰ চিকিৎসাৰ দায়িত্ব লওক চৰকাৰে ৷ লগতে কোনো লোকে অসহায় যুৱতীগৰাকীক সহায় কৰিব বিচাৰিলে ভাৰতীয় ষ্টেট বেংক ৰহা শাখাত থকা নীহাৰিকাৰ 35274404820 (ISFC- SBIN0002103) নম্বৰত অৰ্থিকভাৱে সহায় আগবঢ়াবলৈ পৰিয়ালৰ লগতে স্থানীয় লোকে আহ্বান জনাইছে ৷

লগতে পঢ়ক : Women hold protest: আৰু কিমান এক্সিডেণ্ট ? ক্ষোভত ৰাজপথলৈ ওলাল মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.