ETV Bharat / state

ৰহাত CAA ৰ বিৰোধিতাৰে ব্যতিক্ৰমী ভেলাঘৰ

author img

By

Published : Jan 13, 2020, 11:35 AM IST

ৰহাৰ আমচৈৰ সমীপৱৰ্তী কেকোঁৰা গাঁৱৰ লোকসকলে ব্যতিক্ৰমী আৰ্হিৰে সাজি উলিয়াইছে এটা ভেলাঘৰ ৷ ভেলাঘৰটোৰ ওপৰত নিৰ্মাণ কৰিছে মূৰত এটা পাচি লৈ এগৰাকী মহিলা আৰু এদল লোক, লগত আছে এখন নাও ৷

ব্যতিক্ৰমী ভেলাঘৰ
ব্যতিক্ৰমী ভেলাঘৰ

ৰহা, 13 জানুৱাৰীঃ পদুলি মুখত আহি পালেহি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু ৷ ভোগালী বিহু উপলক্ষে এতিয়া ভিন্ন ধৰণে প্ৰস্তুতি চলিছে ৰাজ্যজুৰি ৷ ভোগালীক লৈ ব্যস্ত সকলো ৷

সমান্তৰালকৈ ৰহাৰ আমচৈৰ সমীপৱৰ্তী কেকোঁৰা গাঁৱতো দেখিবলৈ পোৱা গৈছে ভোগালীৰ ব্যাপক প্ৰস্তুতি ৷ সাজু হৈছে উৰুকাৰ নিশা লগে ভাগে এসাজ খাবলৈ ভেলাঘৰো ৷ কিন্তু এক ব্যতিক্ৰমী আৰ্হিৰে স্থানীয় লোকে সাজি উলিয়াইছে ভেলাঘৰটো ৷ বৰ্তমান সময়ত CAA ক লৈ অসমবাসী সৰৱ হৈ থকাৰ সময়তে কেকোঁৰা গাঁওবাসীয়ে এই আইনৰ প্ৰতি প্ৰতিবাদ ব্যক্ত কৰি সাজিছে ভেলাঘৰটো ৷ ভেলাঘৰটোৰ ওপৰত নিৰ্মাণ কৰিছে মূৰত এটা পাচি লৈ এগৰাকী মহিলাই থিয় হৈ থকা দৃশ্য, লগত আছে এখন নাও ৷ লগতে এদল মানুহ অগ্ৰসৰ হৈছে পাৰ অভিমুখে ৷

ৰহাত CAA ৰ বিৰোধিতাৰে ব্যতিক্ৰমী ভেলাঘৰ

স্থানীয় শিল্পী ৰজত পাটৰ আৰু স্থানীয় লোকৰ সহযোগত নিৰ্মাণ কৰা এই প্ৰতীকৰ অৰ্থ হৈছে অসমী মাতৃয়ে পূৰ্বৰে পৰা বিদেশীৰ বোজা লৈ থকা সত্বেও, পুনৰ বাংলাদেশৰ পৰা কুশিয়াৰা নদী পাৰ হৈ সন্তানসহ বিনা দ্বিধাই বিদেশীয়ে প্ৰৱেশ কৰিছে অসমত ৷ এনেদৰেই ভোগালীৰ আনন্দৰ সমান্তৰালকৈ এতিয়া CAA ৰ বিৰোধিতাও কৰিছে অসমবাসীয়ে ৷

লগতে পঢ়কঃ মেজিৰ অগ্নিক সাক্ষী কৰি CAA বাতিলৰ দাবীৰে নিজৰ সংগ্ৰাম অব্যাহত ৰাখিব লখিমপুৰবাসীয়ে

Intro:ভেলাঘৰত প্ৰতিচ্ছবিত হল অসমলৈ অবৈধ বাংলাদেশীৰ প্ৰবেশ , অসমী আইৰ মূৰত বাংলাদেশীৰ বোজাৰ দৃশ্য ।Body:চাওঁতে চাওঁতে ঘৰ পালেহি অসমীয়াৰ চেনেহৰ ভোগালী বিহু। ৰাজ্যৰ প্ৰতিঘৰ অসমীয়াৰ আখলত এতিয়া ভোগালীক লৈ ব্যস্ত জীয়ৰী-বোৱাৰী। আনহাতে পৰম্পৰাগত ভেলাঘৰত উৰুকাৰ নিশা মিলাপ্ৰীতিৰে এসাজ খোৱাৰ ব্যাপক প্ৰস্তুতি। কিন্তু এই প্ৰস্তুতিৰ সমান্তৰালকৈ স্থানীয় ৰাইজে ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ কৰিছে নাগৰিকত্ব সংশোধনী আইন ২০১৯। চাওক এক ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণ কৰি কিদৰে প্ৰতিবাদ কৰিছে "কা"।

হয়, এই দৃশ্য ৰহাৰ আমচৈৰ সমীপৱৰ্তী কেকোঁৰা গাঁৱৰ। এই গাঁৱৰ ১০৭ ঘৰীয়া গাডী সমাজে এইবাৰ অসমীয়া পৰম্পৰা ৰক্ষা কৰি উৰুকাৰ নিশা ভোজ-ভাতেৰে উদযাপন কৰিব চেনেহৰ ভোগালীক। কিন্তু ইয়াৰ লগতে "কা" ক লৈ সৰব এই সকল খিলঞ্জীয়া লোক। কাৰ্বি,তিৱা, ৰাভা আৰু বড়ো সম্প্ৰদায়েৰে মিলিত কেকোঁৰা গাঁও গাডী সমাজে "কা" আইনক প্ৰতিবাদ কৰি এই আইনৰ দ্বাৰা বাংলাদেশী কেনেকৈ অসমত প্ৰবেশ কৰিব তাৰ এক প্ৰতীক নিৰ্মাণ কৰি অসমীয়াক ৰক্ষাৰ আহ্বান জনাইছে। চাওক এই ব্যতিক্ৰমী ভেলাঘৰটোৰ ওপৰ নিৰ্মাণ হৈছে মূৰত এটা পাচি লৈ এগৰাকী মহিলাই থিয় হৈ থকা দৃশ্য। লগতে আছে এখন নাও। সেই নাওৰ পৰা সন্তান সহ এহাল পুৰুষ- মহিলা নামি অগ্ৰসৰ হৈছে মূৰত পাচিলৈ থকা মহিলা গৰাকীৰ ওচৰলৈ। স্থানীয় শিল্পী ৰজত পাটৰ আৰু স্থানীয় লোকৰ সহযোগত নিৰ্মাণ কৰা এই প্ৰতীকৰ অৰ্থ হৈছে অসমী মাতৃয়ে পূৰ্বৰে পৰা বিদেশী বোজা লৈ থকাৰ পাছতো পুনৰ বাংলাদেশৰ পৰা কুৰচিয়া নদী পাৰ হৈ সন্তান সহ বিনা দ্বিধাই বিদেশীয়ে প্ৰবেশ কৰিছে অসমত। ফলত আৰু বিদেশীৰ বোজা সহিব লাগিব অসমী মাতৃয়ে। এনে আইনৰ প্ৰতিবাদেৰে নিৰ্মাণ কৰা ভেলাঘৰৰ সন্মুখত ৰাইজে পাতিলে ভোগালীল মেল। যিয়ে নহওক ভোগালীৰ আনন্দৰ সমান্তৰালকৈ "কা"ক লৈ খিলঞ্জীয়াৰ প্ৰতিবাদ এতিয়া গাঁৱে ভূঞে সিচৰতি হৈ পৰিল ইয়াৰে যে প্ৰমাণ এই ব্যতিক্ৰমী ভেলাঘৰটো।

Byte - শিল্পী ৰজত পাটৰ

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.